"ফঁকৰা-যোজনা----By Ek tha Tiger part II - TopicsExpress



          

"ফঁকৰা-যোজনা----By Ek tha Tiger part II (২১) মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ শ্ৰেণীকোঠা (২২) দেশতকৈ ৰাজ্য ডাঙৰ নহয় (২৩) হলা গছ দেখিলে সকলোৱে আম পাৰে (২৪) হৰিণাৰ মাংস‍ই বৈৰী, ক্ষীণ-মীণ হৰিণা পুহিব লাগে (২৫) হাতত নাই ধন, আই. পি. এল.ৰ টিম কিনাৰ মন (২৬) ফটা বাঁহ জোৰা নেলাগে, সেই কাৰণে চিমেন্টৰ খুটা দিব লাগে (২৭) বাচি খাবা , জাগি ফেচবুক কৰিবা (২৮) জী ভালেই জোৱাই ভাল, ৱাল পোষ্ট ভালেই কমেন্ট ভাল (২৯) এশ গৰু মাৰিলে বাঘৰো মৰণ, সেয়েহে নিৰানব্বৈটা মাৰিব লাগে (৩০) ৰাইজে মৰুভূমিত নখ জোকাৰিব লাগে (৩১) ভুকুতে কল নপকে, সেই কাৰণে গেছ দি পকাব লাগে (৩২) চুৰেহে চুৰৰ ঠেং দেখে, সেই কাৰণে চুৰ কৰিব গ’লে ঠেং দুখন ঘৰতেই থৈ যাব লাগে (৩৩) নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব পাৰিলে ""গীনিচ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ""ত স্থান পায় (৩৪) অধিক মাছত বগলী ধৰিবলৈ ভাল (৩৫) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি, সেই কাৰণে নিজলৈ হুল পুতিব লাগে (৩৬) যি লঙ্কালৈ যায়, সি্য়েই ছাংগাকাৰা নহয় (৩৭) ফিৰিঙতিৰ পৰা চিগাৰেট জ্ব্লাব পাৰি (৩৮) পঢ়ে পঢ়াৱোই ৰোৱে পাণ, আৰু খায় জৰ্দা পাণ (৩৯) যাঁচি দিলে মাণিকৰো মূল্য নাই, কিন্তু যাঁচি দিয়া চাধাৰ মূল্য আছে (৪০) এশ বিদ্যা যাৰ তাকেই মাল্টিটেলেন্টেড বুলি কয় (৪১) পানীত হাঁহ নচৰা অ্ৱস্থা হ’লে মূৰ্গী পুহিব লাগে (৪২) আপোন নাক কাতি সতিনীয়েকৰ যাত্ৰা ভংগ কৰিবলৈ যোৱাৰ আগতে ১০৮ ত কল কৰি এম্বুলেন্স মাতি থব লাগে (৪৩) অকালতে দাঁত ভাঙিলে চেৰেলেক খাব লাগে (৪৪) নাই মোমাইতকৈ ধুনীয়া মামাই ভাল nalbeira
Posted on: Thu, 25 Jul 2013 11:06:00 +0000

Trending Topics



Recently Viewed Topics




© 2015