জানি থোৱা ভাল: বুজি থোৱা - TopicsExpress



          

জানি থোৱা ভাল: বুজি থোৱা ভাল Town Planning-ত চেটেলাইট চিটি নামেৰে এটা কনচেপ্ট আছে। সাধাৰণতে চহৰ এখনত জনসংখ্যা বৃদ্ধিৰ বাবে নতুবা অন্যান্য সা-সুবিধা অৰ্পণ কৰাৰ ফলত নতুন নতুন অফিচ-কাছাৰী বা উদ্যোগ ইত্যাদি প্ৰতিস্থা কৰিবলৈ ভূমিৰ অভাৱ হয়। চহৰৰ প্ৰদূষণ আৰু একঘেয়ামীৰ জীৱনেও মানুহক অস্থিৰ কৰি তোলে। নতুন নতুন বিল্ডাৰ সকলে নতুন নতুন অট্টালিকা সাজিবলৈ ভূমিৰ অভাৱত ভোগে। এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ মূল চহৰৰ উপকণ্ঠ অঞ্চলত এখন চেটেলাইট চিটি বা উপগ্ৰহ নগৰ গঢ়ি উঠে। এই চেটেলাইট চিটি সাধাৰণতে মুক্ত ভূমিৰ ওপৰত নতুনকৈ প্ৰতিস্থা কৰা এখন নতুন চহৰ, যিখনে মূল চহৰখনত ভূমিৰ অভাৱৰ বাবে বা অন্যান্য বাতাৱৰণৰ অভাৱৰ বাবে প্ৰতিস্থা কৰিব নোৱাৰা সা-সুবিধা, অফিচ, স্কুলঘৰ, বিদ্যালয়, বসতি ইত্যাদিক পৰিস্থাৰ সুবিধা দিয়ে। অন্যাৰ্থত চেটেলাইট চিটি খন মূল চহৰখনৰে এক অবিভাজ্য অংগ। তেনেকুৱা চেটেলাইট চিটিৰ উদাৰণ হল গুড়গাঁও, ৰোহতক, ফৰিদাবাদ, কল্যাণ, নবি মুম্বই, পঞ্চকুলা, মোহালি, গান্ধীনগৰ ইত্যাদি। এইবোৰ ক্ৰমে নতুন দিল্লী, মুম্বই, চণ্ডীগড় আৰু আহমেদাবাদ ইত্যাদি মূল চহৰৰ চেটেলাইট চিটি। এই চেটেলাইট চিটিৰ যোগেদি অৱক্ষয়প্ৰাপ্ত মূল চহৰখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ দিশটো টনকিয়াল কৰিবলৈ চেষ্টা কৰা হয়। সাধাৰণতে মূল চহৰখনৰ পৰা কিছুসংখ্যক লোক ওলাই গৈ নতুনকৈ চেটেলাইট চিটিখন প্ৰতিস্থা কৰে যদিও, এই নতুনকৈ প্ৰতিস্থা কৰা চহৰখনৰ প্ৰকৃত উদ্দেশ্য মূল চহৰখনক উপযুক্তভাৱে সহযোগ কৰাহে। সংগতি: যোৱা কিছুদিন ধৰি এটা সপোন দেখি আছোঁ। এতিয়া যিখিনি কথা কবলৈ ওলাইছোঁ, সেইখিনি মোৰ কল্পনাহে। বাস্তৱত এনেকুৱা যদি ঘটনা ঘটিছে, তেন্তে সেই ঘটনা মোৰ কল্পনাৰ সৈতে হোৱা এক কাকতালীয় সংযোগ হে হব। মনত এনেকুৱা ভাব হয় যেন ফেচবুকতো কিছুমান চেটেলাইট গ্ৰুপৰ সৃষ্টি হব পাৰে। ধৰাহওক এটা ডাঙৰ গ্ৰুপ আছিল। বহুত মানুহ আছিল। সকলোৱে দিনৰ দিনটো কাম-বন এৰি সেই গ্ৰুপত আড্ডা মাৰি মাৰি নিজৰ অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিল। কিন্তু কালকক্ৰমত ভুল নীতি কিছুমানৰ বশৱৰ্তী হৈ গ্ৰুপৰ সদস্য সকলৰ মাজত কাজিয়া-পেচাল হল। ওপৰৰ পৰা আদেশ আহিল যে গ্ৰুপৰ ভিতৰৰ পৰিৱেশ বিনষ্ট কৰিব নালাগে। গ্ৰুপৰ প্ৰশাসক সকলেও গ্ৰুপটো চম্ভালিব নোৱাৰা হল। শেষত সকলোৱে থিৰাং কৰিলে যে এখন নাটক কৰা যাওক। ৰাইজক দেখুৱাই এটা নতুন গ্ৰুপ খোলা যাওক আৰু প্ৰচাৰ কৰি দিয়া যাওক যে এইটো এটা নতুন গ্ৰুপ, ইয়াত সকলোৱে বিনম্ৰতাৰে কাম-বন ত্যাগ কৰি আড্ডা মৰিব পাৰিব। নতুন গ্ৰুপটোত পুৰণি গ্ৰুপৰ পৰা দুই-চাৰিজন মহামান্য লোক আহিল। গুপ্তচৰো আহিল আৰু আকৌ এবাৰ ৰাইজক ফাঁকি দিয়া হল। পুৰণা গ্ৰুপটোৰ পৰিস্থিতি শান্ত কৰিবলৈ এই নতুন গ্ৰুপটো সাজি তোলা হল। আৰু ৰাইজক এই নতুন গ্ৰুপটোত বিভিন্ন ধৰণৰ অফাৰ ইত্যাদি দিয়া হল। সাপো মৰিল, লাঠিও নাভাঙিল। চেটেলাইট চিটি যদি থাকিব পাৰে, ফেচবুকত চেটেলাইট গ্ৰুপও থাকিব পাৰে নিশ্চয়। কিন্তু আছে নে নাই মই নাজানোঁ। ই এটা গৱেষণা ৰ বিষয় হব পাৰে।
Posted on: Wed, 29 Jan 2014 12:01:26 +0000

Trending Topics



Recently Viewed Topics




© 2015