তোমাৰ বাবে ... মাজনিশা - TopicsExpress



          

তোমাৰ বাবে ... মাজনিশা কেতিয়াবা আৰ্তনাদ কৰে হৃদয়খনে বৰকৈ অনুভৱ হয় তোমাৰ অনুপস্থিতি কেওফালৰ পৰা হেচা মাৰি ধৰে নিঃসংগতা আৰু নিৰবতাই তোমাৰ প্ৰতাৰনাত বিধস্ত হোৱা সপোনবোৰে পিছে পিছে খেদে জীৱন আজি নিৰৰ্থক তথাপি জীয়াই আছো তোমাক এবাৰ পুনৰ দেখা পোৱাৰ দুৰ্বাৰ হেপাহঁত আহিবানে এদিন ? হৃদয়ৰ পদূলিত ৰঙা দলিছা পাৰি থৈছো শেষ উশাহকণ থকালৈকে অপেক্ষা কৰিম তোমাৰ বাবে ...
Posted on: Sun, 30 Jun 2013 02:05:40 +0000

Trending Topics



Recently Viewed Topics




© 2015