হাই ফ্ৰেণ্ডজ... আজি - TopicsExpress



          

হাই ফ্ৰেণ্ডজ... আজি আপোনালোকক এটা সচাঁ কাহিনী কম| কেনে পালে মোক কমেন্ট কৰি কব| এজনী ছোৱালীয়ে এজন লৰাক বহুত ভাল পাইছিল| তাই ভাবিছিল যে লৰাজনেও চাগে তাইক ভাল পায়| সেইবুলি ভাবি তাইও তাক ভাল পাই আছিল| এনেকৈয়ে এদিন তাই যেতিয়া লৰাজনক ভাল পাঁও বুলি কলে সি একো নকলে| সি বৰং তাইকো গাৰ্লফ্ৰেণ্ডৰ দৰে behave কৰিব ধৰিলে| তেতিয়া তাই ভাবি ললে যে লৰাজনে তাইক ভাল পাব ধৰিছে| কিন্তু আচলতে লৰাটোই তাইক ভাল পোৱা নাছিল, আন এজনী ধুনীয়া দেখা ছোৱালীকহে ভাল পাইছিল| তাই সেই কথাটো এদিন গম পালে যে তাইক সি ভাল পোৱা নাছিল ইমানদিনে, তাই আচৰিত হৈ গৈছিল| তাই তাক সুধিলে, কিন্তু তেতিয়ালৈকে বহুত দেৰী হৈছিল| কাৰন সেইজনীক সি ইমান ভাল পাইছিল তাৰ কোনো তুলনা নাছিল| একবছৰ ধৰি লৰাজনে ছোৱালিজনীৰ মনত ইমান দুখ কষ্ট দিব ধৰিলে যে তাৰ কোনো ভাষা নাই| তাইৰ ঠাইত যদি কোনোবা বেলেগ ছোৱালী থাকিলেহেতেন, তেনেহলে তাক কোনোবাদিনাই বাদ দি দিলেহেতেন| তাইৰ সচাঁ মৰম ভাল পোৱাৰ কোনো উচিত মূল্য তাৰপৰা তাই বিচৰা নাছিল| কিন্তু সদায় তাই তাক ভাল পাই থাকিম বুলি মনতে পণ লৈছিল| কিন্তু তথাপি বহুত কষ্ট পোৱাৰ ফলত বান্ধৱীবোৰৰ কথা মানি লাহে লাহে তাইও তাৰ কাষৰপৰা আঁতৰি আহিব ধৰিলে| কিন্তু লৰাজনে যিজনী ভাল দেখা ছোৱালীৰ কাৰনে তাইক ইগনৰ কৰিছিল, সি জনা নাছিল যে আচলতে তাই তাক টাইমপাছ কৰিবহে ভাল পাইছিল| পিছত যেতিয়া লৰাজনে এই কথাটো বুজিব পাৰিলে তেতিয়া সি সচাঁকে ভাল পোৱা ছোৱালীজনীৰ ওচৰত এদিন সকলোৰে ওচৰত ক্ষমা খুজিলে আৰু তাইক আঁকোৱালি ললে| এনেকৈয়ে ছোৱালীজনীৰ সচাঁ ভালপোৱাৰ জয় হল| এতিয়াও বহুত কথাত লৰাজনে তাইক ফাঁকি দিয়ে, যিটো তাই বহুত বেয়া পায়| কিন্তু তাই সদায় তাক বহুত ভাল পায় থাকিব| এইবোৰ ভাবি কেতিয়াবা তাই হাঁহিব খোজে কিন্তু হাঁহিৰ আঁৰে আঁৰে চকুপানী বিৰিঙি উঠে| কৰিশ্মা বেজবৰুৱা
Posted on: Thu, 13 Nov 2014 14:16:25 +0000

© 2015