চান্দনি চ’কত অসমীয়াৰ - TopicsExpress



          

চান্দনি চ’কত অসমীয়াৰ হাতত মোগলৰ পুনৰ পৰাজয় --- দিল্লী ...... চান্দনি চ’কত জাম্মা মছজিদৰ ওচৰৰ সৰু গলি এটাত ৰহিম চাচাৰ হোটেল খন , হোটেল মানে পৃথিবী বিখ্যাত … তামাম টেষ্টি মোগলাই খানা … শ্বাহী আদব কায়দা | ৰহিম চাচা মোগল , চাচাৰ ককাক আছিল মোগল সম্ৰাটৰ চাংমাই ( Chef ) | চাচাই এবাৰ মেজেঙা পাত বিচাৰি নাহৰকটিয়া পাইছিল গৈ তেতিয়াৰ পৰাই মোৰ লগত চিনাকি | আৰু তাৰ পাচত ??? মই ৰহিম চাচাৰ দৰবাৰ খানাত বহি প্ৰশ্ন কৰিলো … চাচাই ধোৱাঁই থকা চাহ কাপত এটা শোহা মাৰি ক’লে “ তাৰ পাছত কিদাল হ’ব সম্ৰাটে ককাদেউতাই বনোৱা খানা খাই ইমান ভাল পালে যে তেওঁ নিজৰ গলৰ নেকলেছ ডাল খুলি ককাক পিন্ধাই দিলে … ৰহিম চাচা কাহিনী কোৱাত ওস্তাদ … শুনিলে শুনিথাকিবৰ মন যায় | ৰজনীগন্ধা পান মচলাৰ টেমাটো মোৰ পিনে আগবঢ়াই দি ক’লে, “মতু ( পেট্লা ) , বিৰিয়ানি খাই যাবি , তহঁতৰ সেই সোৱাদহীন পোৰা গাহৰি মাংস পোৱা দেশত ইমান সোৱাদ লগা বিৰিয়ানো ক’ত পবি ? চাচাৰ ফটা মূখ , একেই মোৰ দৰে ফটকৈ যা- তা কৈ দিয়ে । মইও ভাবিলো মোগলে অসমীয়াৰ ওপৰত কৰা এই অপমানৰ হোৰ তুলিব লাগিব , প্ৰথমে বিৰিয়ানি খাই লোৱা যাওঁক, ৰহিম চাচাৰ মূৰ গৰম হ’লে খাব নিদিবও পাৰে … সঁচাকৈয়ে সুস্বাদু বিৰিয়ানি নিয়ন্ত্ৰনহীন ভাবে খাই উঠি উগাৰ দুটামান মাৰি উথাৰ পাচত মই লাচিতক মনতে স্মৰন কৰি প্ৰত্যাক্ৰমন আৰম্ভ কৰিলো … - চাচা কওঁকচোন আপুনি ফলৰ ৰস খাইনে নাই , - কেতিয়াবা খাঁও সদায় নাখাঁও আকৌ সুধিলো সদায় ফল খাইনে আঙুৰ , আপেল ??? শুকান ফল কিচ্ মিচ্ , আখৰোট আদি ???? --- নাই সদায় ক’ত খাম , হোটেলৰ খোৱা বনোৱাৰ কাৰনে শুকান ফল আনে তাৰে অলপ কেতিয়াবা test কৰি চাও আৰু । মই ক’লো ফলৰ ৰ’সৰ ক’থা বাদ দিয়ক , পাতৰ ৰসেৰেই আৰম্ভ কৰো , অসম ইমান সাৰুৱা ঠাই আপুনি অসমৰ ফল কি পাতৰ ৰ’সতেই ভোল যাব , আপুনি নিতৌ খোৱা পাঁচ-ছয় কাপ চাহ অসমৰ পাতৰ ৰস , চাহপাত , আপুনিতো চাহ নাখালে থাকিব নোৱাৰে , আপুনি কি ভাৰতৰ বহু মানুহেই নোৱাৰে , বুজিছে চাচা , মোগলক কিদৰে অসমীয়াই দবাই থৈছে ইয়াতেই প্ৰমাণ । মোৰ আক্ৰমনত থতমত খাই চাচাই অলপ সময় তভক মাৰি থাকোতেই মই পুনৰ আক্ৰ্মনৰ 2nd wave আৰম্ভ কৰিলো । -- চাচা , ভাৰতত সৰ্বাধিক চাহিদা থকা ফল বিধ অসমে উৎপাদন কৰে , আৰু ইয়াক শুকুৱাৰ পাচত তাৰ চাহিদা আৰু বৃদ্ধি পায় , অসমৰ ফল গৈ অন্তৰ্জাতিক বজাৰ পায়গৈ , ব্ৰাজিলিয়ান বানানা , চুইজাৰলেণ্ডৰ আপেলৰ লগত টক্কৰ দিয়ে , আপোনাৰ বিৰিয়ানি নোখোৱাকৈ মানুহ থাকিব পাৰে , কিন্তু অসমৰ ফলৰ সোৱাদ এবাৰ পালে মানুহে তাক এৰিব নোৱাৰে , ইমানেই সোৱাদ | “ থ’ থ’ তোৰ অসমৰ ফল .... আৰে আমাৰ মোগল সম্ৰাটে স্থাপন কৰা কাশ্মিৰৰ আপেলৰ বাগিচাত উৎপাদিত হোৱা আপেলৰ ওপৰত আৰু কোনো ফল ভাৰতত থাকিবই নোৱাৰে, তোৰ সোণাপুৰিয়া টেঙাৰো টেঙা কমলা কেইতাই কি ফেৰ মাৰিব হো’ ” – সন্তোষৰ হাঁহি এটা মাৰি চাচাই ক’লে ( মনতে চাগে ভাবিছিল খাৰ খোৱাটোৱে এইবাৰ মোক নোৱাৰে ) মই ক’লো আপোনাৰ মোগলৰ গধুৰ মগজুৱে ইমান দূৰ ভাবিব নোৱাৰে । চাচাই তত্-ভত পোৱাৰ আগতেই তেওঁৰ হাতত থকা Rajanigandhaৰ টেমাটো থাপ মাৰি আনি তেওঁৰ সন্মুখত দাঙি ধৰিলো , কি লিখা আছে চাওঁক “Dharampal & Satyapal , Induatrial Estate , Bamuni Maidam , Guwahati -21 Assam .” – এই Rajanigandha , আপোনাৰ হিয়াৰ আপোন , অসমত তৈয়াৰ হয় … অসমৰ তামোল শুকুৱাই চুপাৰি বনোৱা হয় আৰু তাৰে Rajanigandha বনে আৰু আপুনি টকালি পাৰি চান্দনি চ’কত বহি খাই | তামোল এবিধ গছৰ ফল বুলি আপুনি পাহৰি নাযাব চাচা , চুপাৰিৰ চাহিদা ইমানেই বেচিযে আপোনাৰ কাশ্মিৰি আপেলেও পাত্তা নাপায় , সেয়েহে মুম্বাই আন্দাৰ ৱল্ডত মানুহ মাৰিবলৈ চুপাৰি দিয়ে আপোনাৰ মোগলৰ আপেল বা বিৰিয়ানি নিদিয়ে | চাচা, মোৰ ৰিপিটেড আক্ৰমনত বিধস্ত … মূখেৰে টু এটাও কৰিব পৰা নাই । মই লাহে কৈ ক’লো যাওঁ … আজিৰ পৰা যেতিয়াই চাহ বা Rajanigandha খাব অসমক মনত পেলাব … মনতে DS Group (Dharampal & Satyapal group ) মালিক জনক সেৱা এটা জনাই লাহে লাহে মই গলিটোৰ পৰা ওলাই আহিলো … আৰু চাচাই চশমা যোৰ পিন্ধিলৈ ৰজনিগন্ধাৰ টেমাটোত লিখা কথাখিনি পঢ়িবলৈ আৰম্ভ কৰিছিল … ~ Vikramjit Kakati
Posted on: Mon, 11 Nov 2013 13:50:07 +0000

Trending Topics



Recently Viewed Topics




© 2015