তুমিও ফেচবুক - TopicsExpress



          

তুমিও ফেচবুক কৰা...! -কথাষাৰ কৈ মানুহজনে এনেকুৱা এটা ৰহস্যপূৰ্ণ হাঁহি মাৰি দিলে যে, মোৰ ক্ষন্তেকলৈ এনেই লাজ লাগি গল। যেন নকৰিব লগা কাম এটা কৰি ধৰা পৰি গলো ! হয়তো সেই তথাকথিত উচ্চ শিক্ষিত মানুহজনৰ নগৈ গড়গাওঁৰ বতৰা লোৱা স্বভাৱ এটা আছে বাবেই; কোনোবা পেপাৰত পোৱা দুই-চাৰিটা বেয়া খবৰৰ ওপৰত ভিত্তি কৰি ফেচবুক সম্পৰ্কে এটা বিয়োগাত্মক ধাৰণা লৈ আছে। এতিয়া মই তেওঁক কেনেকৈ বুজাও, যে তেওঁ যি ভাবি আছে সেইয়া আচল ফেচবুক নহয়; সেয়া মাত্ৰ ফেচবুক সমাজৰ (a virtual society) এটা ক্ষুদ্ৰতম ৰূপ, ঠিক যেনেকৈ আমাৰ বাস্তৱ সমাজতো এটা বেয়া দিশ থাকে। কিন্তু সেইবুলিয়ে গোটেই সমাজখনৰ প্ৰতি একে ধাৰণা ললে ভুল হব। . ব্যক্তিগত ভাৱে মই কেইবা বছৰ ফেচবুকত আছো। কেতিয়াবা তো নিজেই confused হৈ যাওঁ, কোনখন সমাজ আচল !! যেতিয়া ফেচবুকত বন্ধু সকলক পাওঁ, হাঁহি ধেমালি কৰো; ...এনে লাগে যেন এওঁলোক মোৰ অতি আপোন। অথচ একো একোটা প্ৰফাইলৰ বাদে তেওঁলোকৰ বিষয়ে একোৱেই তো নাজানোঁ। ...(অৱশ্যে বাস্তৱ জগততো চেহেৰা কিছুমানৰ বাদে, আমি বেছি কি জানো? ...সেইবাবেই তো প্ৰতাৰিত হওঁ)। মোৰ বন্ধুৰ তালিকাত সকলো বয়সৰ, ভিন্ন বৃত্তিৰ মানুহ আছে। কোনোবা যদি গায়ক, তেন্তে কোনোবা মিউজিচিয়ান, কোনোবা যদি প্ৰতিষ্ঠিত কবি তেন্তে কোনোবা নামি প্ৰৱন্ধকাৰ, তাৰোপৰি দুজনমান শ্ৰদ্ধাৰ গৱেষক, সমবয়সৰ চিকিৎসক, প্ৰৱক্তা, আৰক্ষী, সংবাদ কৰ্মীকৰ্মী, ব্যৱসায়ী, মোৰ স্ববৃত্তিৰ অধিৱক্তা আৰু মোৰ আটাইতকৈ প্ৰিয় অনুজ সকল। এই ভাইটি সকলেই মোক নতুন নতুন কথা শিকাই। তেওঁলোকৰ আপডেট বোৰ পঢ়ি, নিজেও ক্ষন্তেকলৈ young হৈ যাওঁ। বহুতে কয় আজিকালি লৰাবোৰে ডাঙৰক সন্মান কৰিব নাজানে। কিন্তু মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ যে, ফেচবুকতেই হওঁক বা বাস্তৱ সমাজতেই হওঁক, মই মোৰ অনুজ সকলৰ পৰা সদায় প্ৰাপ্য সন্মান পাই আহিছো; কাৰণ মই বিশ্বাস কৰো যে... সন্মান পাবলৈ, সন্মান দিবও জানিব লাগিব !
Posted on: Mon, 18 Aug 2014 11:43:37 +0000

Trending Topics



> Africa, Morocco, Tinfou (near Zagora) man in Traditional Dress
Do You Know Someone Who is Diabetic, Pre-Diabetic or Struggling to

Recently Viewed Topics




© 2015