ফেচবুকত বহু দিনৰ গৱেষনা - TopicsExpress



          

ফেচবুকত বহু দিনৰ গৱেষনা অন্তত কেইতামান তথ্য ডাঙি ধৰিলো- FBt আজি কালি তিনি-চাৰি প্ৰকাৰ মান প্ৰাণী ওলাইছে যি আপোনাক ফেচবুকত তামাম কামোৰ দিয়ে, এই প্ৰাণী কেইবিধ আপোনাৰ ফেণ্ড লিষ্টত থাকিলে আপুনি নটিফিকেচনৰ উটপাতত ফেচবুক খুলিব ভয় খাব। আহঁকচোন আমি এই প্ৰাণী কেইবিধনো কোন, তেওঁলোকৰ বৈশিষ্ট্য কি অলপ চাওঁ- টেগি বাবা :- এই বিধ প্ৰাণী আজিকালি ফেচবুকত প্ৰায়ে পোৱা যায়। এই প্ৰাণী বিধৰ বৈশিষ্ট্য হল এই প্ৰাণী বিধে আপোনাক নানা অযথা ফটো টেগাই টেগাই আপোনাৰ টাইম লাইন খন লেটেৰা কৰা লগতে নথিফিকেচনৰ উটপাতত আপোনাক মুৰৰ বিষ কৰায় ডিচপ্ৰিণ খাব বাধ্য কৰাব। এনেকোৱা প্ৰাণী আপোনাৰ ফেণ্ড লিষ্টত যদি দহতাও থাকে তেন্তে দুদিনত আপোনাৰ ৱাল উৰুৱাই দিব ফটো টেগাই টেগাই। পক (POKE ) বাবা :- এই প্ৰাণী বিধৰ কিছুমান মহত্ব আছে। এই প্ৰাণী বিধৰ বেছি সংখ্যকে আপোনাক ফেণ্ড ৰিকুয়েষ্ট নপঠাই, তাৰ সলনি পক (Poke) কৰিব, যাৰ অৰ্থ আমি অনুসন্ধান কৰি পাইছো যে তেওঁ ব্লক হৈ আছে, আপুনি তেখেতক ফেণ্ড ৰিকুয়েষ্ট পঠাব লাগে। এই প্ৰাণী বিধৰ কিছুমান ব্যতিক্ৰমো আছে যি আপোনাৰ ফেণ্ড লিষ্টত আছে আৰু আপোনাক পক কৰি থাকিব, আপুনি পক বেক কৰক তেওঁ পক বেক কৰিব। সেইতোৱে কাম। লাইক গুৰু :- এই বিধ আপুৰুগীয়া প্ৰাণী আপোনাৰ ফেণ্ড লিষ্টত থাকিবও পাৰে নাথাকিবও পাৰে, এই প্ৰাণী বিধৰ বৈশিষ্ট্য হল এই প্ৰাণী বিধে আপোনাক এটা বাৰ্তা (মেছেজ) পঠাব যত লিখা থাকিব প্লিজ লাইক মাই পি.পি (প্ৰফাইল পিকচাৰ) আপুনি ইচ্ছা কৰিলে তেওঁক এটা লাইক দিব পাৰে নহলে কওক নেক্ষ্ট প্লিজ (আগলৈ যাওঁক) গ্ৰোপ মেছেজ মেনিয়া :- এই জাতৰ প্ৰাণী বিধৰ আৰ্বিভাব হোৱা বৰ বেছি দিন হোৱা নাই। এই প্ৰাণী বিধৰ বৈশিষ্ট্য এই প্ৰাণী বিধে আপোনাক এটা বাৰ্তাগোট (মেছেজ গ্ৰোপ) ত এড(যোগ) কৰিব আৰু তেওঁৰ লগতে সেই গোটতোৰ আন সদস্য বোৰেও যি তি মেছেজ দি দি আপোনাক এসেকা দিব। আপুনি Messages(1) দেখি কোনোবায়ে দৰকাৰী বাৰ্তা দিছে বুলি খুলিব আৰু দেখিব গ্ৰোপ মেছেজত কোনোবায়ে Hi add me , , Hello আদি বুলি লিখি মেছেজ দিছে। আপোনাৰ যদি হাই প্ৰেচাৰ আছে, সোনকালে তেজ গৰম হয় তেন্তে লগতে Leave these conversation এপলাই কৰি গ্ৰোপতোক লগতে তেখেত সকলক বিদায় দিয়ক। (ফেচবুকৰ হৃতাৰ্থে প্ৰচাৰিত) Dpn kr
Posted on: Mon, 20 Oct 2014 13:23:50 +0000

Trending Topics



Recently Viewed Topics




© 2015