সংবাদ মাধ্যমে বাতৰি - TopicsExpress



          

সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰোঁতে অন্ততঃ নিম্নতম চেষ্টা কৰিব লাগে, বাতৰিটো সচাঁ নে মিছা জানিবলৈ! ডিৱাই ৩৬৫ অত দেখিলো, লামডিং - শিলছৰ সংযোগী মিটাৰগজ ৰেলপথ বন্ধ হব। সেইখিনিলৈকে ঠিকেই আছে, কিন্তু সেই পথেদি হেনো শ্বাহৰুখ খানে চল ছাঁইয়া ছাঁইয়া..... শীৰ্ষক গানটো গাই গাই গৈছিল। হয়, শ্বাহৰুখ খানৰ দিল চে শীৰ্ষক বোলছবিখন অসমৰ উগ্ৰপন্থী সমস্যাক লৈয়েই বনোৱা হৈছিল। কিন্তু বোলছবিখনত দেখুওৱা ৰেলপথটো সেই লামডিং - শিলছৰ ৰেলপথটো নাছিল। সেইটো আছিল ঊটীৰ নীলগিৰি পাহাৰৰ ৰেলপথহে। বাতৰিটো পৰিবেশন কৰাৰ আগতে অকণমান ইণ্টাৰ্নেট খুলি চালে কিনো অঘটনটো হল হয় বাৰু! The video was filmed on top of the Ooty train (the Nilgiri Mountain Railway) in mountainous Tamil Nadu, southern India while actor Shahrukh Khan dances with model/actress Malaika Arora and other dancers. The film was directed by Mani Ratnam and photographed by Santosh Sivan. The choreography was completed in four and half days by Farah Khan. (উৎস: en.wikipedia.org/wiki/Chaiyya_Chaiyya) অসমীয়া চেনেলসমূহৰ মাজত বিগ ব্ৰেকিং বাতৰি দিয়াৰ যি সস্তীয়া প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাই চেনেলসমূহৰ প্ৰতি মানুহক বিৰক্ত কৰিবলৈ ধৰিছে। তাৰোপৰি, ব্ৰেকিং নিউজ সোনকালে ব্ৰেক কৰাৰ স্বাৰ্থত চেনেলসমূহে সন্ধিয়া ৭ আৰম্ভ কৰে সন্ধিয়া ৬:৫০ বজাত। নিৰ্ধাৰিত সময়তকৈ সদায় ১০ মিনিট আগতে বাতৰি পৰিবেশন কৰিলে যেন তেখেতসকলৰ বিগ ব্ৰেকিং কেইটা সচাঁকৈয়ে ব্ৰেকিং যেন লাগিব। এই ব্ৰেকিং নিউজ শুনাৰ পিছত টিভিটোহে ব্ৰেক কৰি দিবৰ মন যায়!!!
Posted on: Sat, 27 Sep 2014 14:01:13 +0000

Trending Topics



Recently Viewed Topics




© 2015