অখিল গগৈ এজন বিক্ৰী যোৱা - TopicsExpress



          

অখিল গগৈ এজন বিক্ৰী যোৱা প্ৰতিবিপ্লৱী : সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰতিবিপ্লৱীটো আমি চবেই বুজি পালোঁ | এই যে বিক্ৰী যোৱা কথাটো আহিল, অখিল গগৈ যে বিক্ৰী গৈছে এই কথাটো সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভালকৈ জানে | এতিয়া প্ৰশ্নটো হ’ল - ক’ত কাৰ ওচৰত কিহৰ বিনিময়ত বিক্ৰী গৈছে | এই প্ৰশ্নটোকেই সাংবাদিকেও ভট্টাচাৰ্যক সুধিছিল | তেওঁ উত্তৰত আপোনালোকতো মিডিয়া, উলিয়াই লওক বুলি ক’লে | সাংবাদিকে জনা হ’লে ভট্টাচাৰ্যই এইষাৰ কথা কোৱাৰ প্ৰয়োজনেই নাছিল | আৰু তেওঁ কিবা এটা কৈ দিব, সেইটোৰেই সত্য আৰু তথ্য উদ্ঘাটনৰ বাবে সাংবাদিকে মাথা ঘমাই ফুৰিব--সেইটোও ভাবিব পৰা নাযায় | এনে কি গেৰাণ্টি আছে যে তেওঁ গীতাৰ বাণী, গতিকে খান্দিলে সত্যতা আৰু তথ্য উদ্ঘাটন হ’বই | কথাষাৰ এনেকুৱা হোৱা নাই নেকি যে ভট্টাচাৰ্যই কৈ দিছে--অখিল গগৈ এজন সমকামী | সাংবাদিকে সুধিলে -- কেনেকৈ গম পালে ! উত্তৰত তেওঁ কৈছে--আপোনালোকতো মিডিয়া, উলিয়াই লওক | এইটো কিবা কথা হ’ল নেকি ! যাহওঁক, আচল কথালৈ আহোঁ | বিক্ৰী যাবলৈ দুটা party লাগিব--এটা buyer আৰু এটা seller | লগতে deal-টো হ’বলৈ লাগিব commodity বা service | ভট্টাচাৰ্যৰ ভাষ্য মতে, যিহেতু অখিল গগৈ বিক্ৰী গৈছে অখিল গগৈ হৈছে seller , তেনেহ’লে buyer কোন ? অখিল গগৈয়ে কি বিক্ৰী কৰিলে ? আমি যিমান দূৰ জানোঁ -- যোৱা লোকসভা নিৰ্বাচনত অখিল গগৈয়ে অধিক সংখ্যক অসমৰ আসনতে বি.জে.পি.ক সমৰ্থন দিছিল, অখিল গগৈয়ে দাবী কৰামতে সেই সমষ্টিবোৰত তেওঁৰ একৰ পৰা ডেৰ লাখ ভোট আছিল | এতিয়া প্ৰশ্নটো হৈছে --অখিল গগৈয়ে সমষ্টিয়ে সমষ্টিয়ে এই একৰ পৰা ডেৰ লাখ ভোটেই বি.জে.পি.ক বিক্ৰী কৰিছিল নেকি ! যাৰ বাবে ভট্টাচাৰ্যই উপৰ্যুক্ত অভিযোগটো অখিল গগৈৰ বিৰুদ্ধে তুলিছে | ইতিমধ্যে ৰাজনাথ সিং বিতৰ্কত প্ৰথমে অসমৰ মুখ্যমন্ত্ৰীক মিছ্লীয়া বুলি পিছ্ত কীৰেন ৰিজিজুৰ স্পষ্টীকৰণ অনুসাৰে ভট্টাচাৰ্যই নিজেই মিছলীয়া হ’বলগীয়া হোৱাৰ পৰিস্থিতিৰ সূচনা হৈ গৈছে | এতিয়া অখিল গগৈৰ বিৰুদ্ধে ভট্টাচাৰ্যই তোলা অভিযোগটো স্পষ্ট কৰক | নহ’লে ভট্টাচাৰ্যৰ এই অভিযোগ আমি ভবাৰ দৰেই অখিল গগৈ এজন সমকামী লেখীয়া অভিযোগ বুলি ভাবিবলৈ বাধ্য হ’ম |
Posted on: Tue, 02 Sep 2014 16:52:20 +0000

Trending Topics



Recently Viewed Topics




© 2015