অসম আৰু অসমীয়া বিষয়ক - TopicsExpress



          

অসম আৰু অসমীয়া বিষয়ক বিকৃত তথ্যযুক্ত এখন গ্ৰন্থ সন্দৰ্ভত... ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত ছবছৰীয়া অসম আন্দোলনৰ সৰিসমাপ্তিকল্পে ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত ঐতিহাসিক অসম চুক্তিয়ে আজি ত্ৰিছ বছৰ সম্পূৰ্ণ কৰিলে। এই ডেৰকুৰি বছৰত এই চুক্তিখনৰ কিমানখিনি দফা ৰূপায়িত হ’ল, অসম আন্দোলনৰ মূল লক্ষ্যৰ কিমানখিনি সফলতা এই চুক্তিয়ে আনিলে তাৰ হিচাপ-নিকাচ কৰোঁতাসকলে কৰিব। কিন্তু ঐতিহাসিক চুক্তিখনৰ এই ত্ৰিংশতম জন্মদিৱসত আমি অন্য এক বিষয়ৰ প্ৰতিহে সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। আমাৰ বক্তব্যৰ বিষয় হ’ল এখন বিশেষ কিতাপ। অসমৰ বাহিৰৰ এজন লেখকৰ দ্বাৰা প্ৰণীত এই গ্ৰন্থই বিভিন্ন ভ্ৰান্ত তথ্যৰে অসম চুক্তিৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ আৱেগ-অনুভূতিৰ শ্ৰাদ্ধ পাতিছে। নতুন দিল্লীৰ Genuine Publications & Media Pvt. Ltd. নামৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হামিদ নাছিম ৰফিয়াবাদী (Hamid Naseem Rafiabadi)-ৰ “আছাম ফ্ৰম এজিটেশ্যন টু একৰ্ড” (ASSAM FROM AGITATION TO ACCORD) নামৰ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ ১৯৯৮ চনত, পুনৰ্মুদ্ৰণ ২০০২ চনত। নতুন দিল্লীৰ Institute of Objective Studies নামৰ সংস্থাটোৰ অৰ্থ সাহায্যত প্ৰকাশিত এই গ্ৰন্থখনৰ ISBN নং হৈছে 81-85220-01-8 । গ্ৰন্থখনত মুঠ চাৰিটা অধ্যায় আছে। প্ৰথম অধ্যায় – Background of the Assam Agitation, দ্বিতীয় অধ্যায় – Muslims in Assam – A brief Introduction, তৃতীয় অধ্যায়- Implications of the Assam Accord আৰু চতুৰ্থ অধ্যায়- Some Practical Implications of the Accord । কেওটা অধ্যায়তে অসম, অসমীয়া, অসম আন্দোলন, অসম চুক্তি, অসমৰ জনগোষ্ঠীসমূহ, জনজাতিসকল, খিলঞ্জীয়া আৰু অনুপ্ৰৱেশকাৰী মুছলমান সম্প্ৰদায়ৰ বিষয়ে কেতবোৰ অতিশয় আপত্তিজনক, বিপথগামী আৰু মনেসজা তথ্য উল্লেখ কৰা হৈছে, যি অসমৰ বাহিৰত এই ঐতিহাসিক আন্দোলনটোৰ লগতে ৰাজ্যখনৰ সামগ্ৰিক পৰিচয় বিকৃত ৰূপত দাঙি ধৰাৰ বাবে যথেষ্ট। এই কথাৰ প্ৰমাণ হিচাপে অধিক ব্যাখ্যালৈ নগৈ কিতাপখনৰ বিভিন্ন অংশৰ পৰা কেইটামান বাক্য উদ্ধৃত কৰিলোঃ (1) “This agreement (ইয়াত অসম চুক্তিৰ কথা কোৱা হৈছে) has created innumerable problems for the minorities of Assam. The citizenship rights of millions of people are at stake. The Muslims of Assam are most affected by this agreement.” (page iii, PREFACE) (2) “The percentage of literacy (অসমৰ) is approximately 27 and the density of population is 27 per sq. km.” (page-vii, Introduction) (3) “In Nalbhadi district (নলবাৰী জিলাৰ কথা কৈছে), for instance there are places where Muslim concentrations of population have suffered the worst type of inhuman eviction during the past three years.” (page vi, Introduction) (4) “… no less than 11 European languages were spoken in Assam by its European settlers.” (page-vi, Introduction) (5) “The Muslims of Assam, especially its Bengali Muslims have been largely engaged in the agricultural growth of Assam from the very beginning and are still contributing to the largest quantity of agricultural products, such as rice, wheat and tea.” (page-ix, Introduction) (6) “Some regard this movement as representative of the economic interests of a particular sections of the Assamese caste Hindus and upper classes. They believe, it is rather the design of the section of Assamese speaking people of Indo-Aryan stock, to assert their supremacy on all sections of ethnic and linguistic groups.” (page-1) (7) “The tribals and Ahoms, of Assam have also been affected by this movement. Although the Ahoms, the Bodos and the other tribals of Tibeto-Burmese stock are the oldest inhabitants of this state; the Assamese speaking caste Hindus adopt an indirect and camouflaged policy of suppression against this tribals.” (page-2) (8) “We can thus say that not only were the immigrants Muslims the single greatest contributors to te economy and cultivation of Assam but also the benefactors of the lazy, lethargic and easy-going indigenous Assamese people.” (page-24) (9) “Article 14 of the Accord is a reward for terrorism, murder and rape, and is likely to encourage others in the country to start such movements in order to get what they want from the Government.” (page-58) মাথোঁ উল্লিখিতখিনিয়েই নহয়, এই গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই অসম আৰু অসমীয়াৰ বিষয়ে এনে বহু বিষাক্ত তথ্য সন্নিৱিষ্ট আছে, যি যিকোনো সচেতন নাগৰিককে হতচকিত কৰি তুলিবলৈ বাধ্য। ১৯৯৮ চনতে প্ৰকাশিত এই গ্ৰন্থখন বজাৰলৈ অহাৰ সময়ত অসমত এই বিষয়ত কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল নে নাই সেয়া নাজানো, কিন্তু এটা জাতিক বিশ্বৰ জনমানসত চূড়ান্তভাৱে হেয় প্ৰতিপন্ন কৰিব পৰা এনে এখন গ্ৰন্থ আজি ১৬ বছৰে নিৰ্বিবাদে একে ৰূপত সহজলভ্য হৈ থকাটো অতিশয় চিন্তাৰ বিষয়। অসমৰ সচেতন নাগৰিক, জাতীয় দল-সংগঠনসমূহৰ লগতে সংবাদ মাধ্যমোচোন এই বিষয়ত আশ্বৰ্যকৰভাৱে নিমাত। আমি ভাবোঁ, অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ আঠ শতাধিক শ্বহীদৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে সকলো অসমপ্ৰেমী ব্যক্তিয়েই এই কিতাপখনৰ বক্তব্যৰ বিৰোধিতা কৰা উচিত আৰু এনে কু-অভিপ্ৰায়পূৰ্ণ আৰু ৰুচিবিগৰ্হিত কাৰ্যৰ বাবে এইচ. এন. ৰফিয়াবাদী নামৰ এই লোকজনক জবাবদিহি কৰা উচিত।
Posted on: Thu, 14 Aug 2014 09:54:20 +0000

Trending Topics



Recently Viewed Topics




© 2015