অসম আৰু উত্তৰ-পূৱ - TopicsExpress



          

অসম আৰু উত্তৰ-পূৱ : ছোভিয়েত ইউনিয়নৰ ভিতৰত ৰুছ অন্চল সমূহ আছিল প্ৰকৃতাৰ্থত ইউৰোপ, কিন্তু বাকী অনুন্নত মধ্য এচিয়াৰ ফেডেৰেল ৰাজ্য সমূহৰ বাবে ৰুছ মানুহ আৰ্থিক তথা সামাজিক ভাবে বহুতো অসুবিধা সহিব লগা হৈছিল | এই অসুবিধা সমূহ তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল ৰুছ মানুহৰ মনত- কিৰ্গিজ, কাজাখ, জৰ্জিয়ান সকলৰ কাৰণে আমি কিয় কষ্ট কৰিম ? শেষত, যেতিয়া গৰ্বাচেভ য়ে তেওঁৰ বিখ্যাত ’প্ৰেচট্ৰয়েকা’ আৰু গ্লাছন’ষ্ট পলিচি আৰম্ভ কৰিলে ৰুচ সকলৰ বহুকালৰ ক্ষোভৰ বিস্ফোৰণ ঘটিল, ফলস্বৰূপ ছোভিয়েত ইউনিয়ন ভাঙি টুকুৰা-টুকুৰ হৈ যায় | অসমৰ অৱস্থা বহুখিনি কমিউনিষ্ট যুগৰ ৰাছিয়াৰ দৰে, উত্তৰ-পূৱ নামক এক ব্যৱ্স্থাৰ চিকাৰ | জাত্যভিমানি কিছুমান নেতা আৰু উৰ্বৰ মস্তিষ্ক বুদ্ধিজীৱী সকলৰ আৱেগিক সুৰসুৰণিৰ কাৰণেই এতিয়াও এই উত্তৰ-পূৱ নামক কল্প-কাহিনিটো চলি আছে | প্ৰথমতে, আমি এটা কথা সকলোৱে মানি ল’ৱ লাগিব যে, উত্তৰ-পূৱ নামক এই ধাৰণাটোৰ জন্ম হৈছে অসমৰ বিভাজনৰ মাজেদি, তাকো এটা violent process ৰ মাজেদি | বিভাজন এই কাৰণেই হৈছিল কাৰণ তেওঁলোকে ভাবিছিল, তেওঁলোক অসমৰ পৰা সকলো ফালৰ পৰা ভিন্ন | আৰু কথাখিনি মিছাও নহয় | অসম উত্তৰ-পূৱৰ আন ৰাজ্য সমূহৰ পৰা সম্পূৰ্ণ পৃথক- অসম মূলত সমতল ভূমি, আন ৰাজ্যসমূহৰ দৰে পাহাৰীয়া, দুৰ্গম নহয়, অসমৰ জন-সংখ্যাৰ কেৱল মাত্ৰ ১২% জন-জাতি (ST) অথচ উত্তৰ পূৱৰ আন ৰাজ্যসমূহত এই হাৰ ৯০% লৈকে আছে | অসমৰ এই ১২% জন-জাতি মানুহৰ সৰহ সংখ্যাকেই ভৈয়াম-জনজাতি আৰু তেওঁলোক সামাজিক তথা emotionally পাহাৰী ৰাজ্য সমূহৰ পৰা সম্পূৰ্ণ ৰূপে পৃথক | এতিয়া আহক মূল প্ৰশ্নটোলৈ, উত্তৰ-পূৱ কিয় লাগে ? কাৰ স্বাৰ্থত লাগে ? অসমৰ কি লাভ হৈছে উত্তৰ-পূৱ হৈ ?উত্তৰ-পূৱৰ ধাৰণাটোৱে এই ৰাজ্য সমূহৰ তথা ইয়াৰ বসিন্দা সকলৰ মাজত কিবা ৰাজনৈতিক বা সামজিক একতা আনিছে নে ? প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ’ল ’উত্তৰ পূ্ৱ’ নামক এই parochial ধাৰণাটো কিছু ’প্ৰাপ্ত-বয়স’ ছাত্ৰ-নেতা আৰু extortion industry চলোৱা উগ্ৰ্পন্থী সংগঠন সমূহৰ বাহিৰে দিল্লীৰ বাবু সকলক লাগে, কাৰণ মাত্ৰ ১০/১২ লাখ জনসংখ্যাৰ এই গুৰুত্ত্বহীণ ৰাজ্যসমূহৰ নাম মনত ৰখাৰ প্ৰ্য়োজন নহয় | কাৰ স্বাৰ্থত উত্তৰ-পূৱৰ প্ৰয়োজন বুলি যদি প্ৰশ্ন কৰে, তেন্তে উত্তৰ হ’ৱ - পুঁজিপতি সকলৰ স্বাৰ্থত, দুৰ্নীতিপৰায়ণ আমোলা-ঠিকাদাৰৰ স্বাৰ্থত প্ৰয়োজন | উদ্যোগীকৰণৰ নামত ভেকো-ভাওঁনা কৰি ’উত্তৰ-পূৱৰ’ নামত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কৰ ৰেহাই আচঁনি তথা ’টেক্স-হ’লিডে’ৰ স্বাৰ্থত প্ৰ্য়োজন | উত্তৰ-পূৱৰ নামত প্ৰতি বছৰে ট্ৰান্চপ’ৰ্ট চাবচিডি, tax exemption, Area Based Refund Scheme আদি এশ-এবুৰি আচঁনিৰ যোগেদি হেজাৰ কোটি টকা পুজিঁপতি সকলৰ জেপত সোমাই আছে, কিন্তু সেই অনুপাতে নিয়োগৰ ব্যৱস্থা বা সৃষ্টি হৈছে নে ? আনহাতে, ৯০%-১০% ৰ যি ফৰ্মূলা তৈয়াৰ কৰা হৈছে, সেয়া কেৱল দুৰ্নীতিপৰায়ন নেতা-অমোলা-ঠিকাদাৰৰ nexus ৰ বাহিৰে আন কাৰবাক কিবা সহায় কৰিব পৰা নাই | আচলতে অসমক ৯০% আচঁনিৰ ধনৰ ভিক্ষা নালাগে, লাগে ১০০% আচঁনিৰ ৰূপায়ণ | এই ৯০% ৰেহাইৰ ভিক্ষা-বৃত্তি নাগালেন্ড, মিজোৰাম, অৰুনাচল আদি উত্তৰ-পূৱৰ পাহাৰীয়া ৰাজ্য সমূহৰ নেতা-অমোলা-ঠিকাদাৰ-উগ্ৰপন্থীৰ দুৰ্নীতিৰ বাটটো মুকুলি হে কৰিছে | এটা উদাহৰণ দিওঁ, ২০০১ চনৰ লোক-পিয়ল মতে, নাগালেন্ডৰ জনসংখ্যাৰ decadal growth অৰ্থাত ১০ বছৰত বৃদ্ধি আছিল অস্বাভাৱিক ৬৪%, যি আছিল দেশৰ ভিতৰত সৰ্বোচ্চ | কিন্তু অত্যন্ত নাটকীয় ভাবে ২০১১ চনৰ লোক-পিয়ল মতে নাগালেন্ডৰ জনসংখ্যাৰ decadal growth হয় গৈ মাইনাচ ০.৪ % (দেশৰ ভিতৰত সৰ্বনিম্ন আৰু অস্বাভাৱিক) অৰ্থাত যোৱা ১০ বছৰত নাগালেন্ডত এজনো জনসংখ্যা বৃদ্ধি হোৱা নাই ওলোটা কমিছে হে !! এয়া কেনেকৈ সম্ভৱ ? সম্ভৱ কেৱল ৯০%-১০% ৰ যাদুকৰি ফৰ্মূলাৰ বলত | আচঁনি সমূহত জন-মূৰি হিচাপত Fund allocate কৰা হয়, এখন ৰাজ্যত যিমান জনসংখ্যা বেছি হ’ব আচঁনিৰ টকাৰ পৰিমানো সিমান বাঢ়িব আৰু সেই টকাৰ ৯০% কেন্দ্ৰীয় সাহায্য হে উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ বাবে, গতিকে নাগালেন্ড আদি উত্তৰ-পূৱৰ পাহাৰীয়া ৰাজ্যসমূহত গননাকাৰৰ কলমৰ জোৰত জনসংখ্যা বৃদ্ধি পায়, সেই জনসংখ্যাৰ আধা হ’ল Ghost Population আৰু এই Ghost Populationৰ নামত আবন্টিত আচঁনিৰ ধন কাৰ পকেটত সোমাই আছে সেয়া কোৱা বাহুল্য | এই ৰাজ্য সমূহত এনেকুৱা সম্ভৱ কাৰণ এই বোৰ পাহাৰীয়া ৰাজ্যত না শক্তিশালী সংবাদ মাধ্যম আছে, না মানুহৰ সজাগতা | দিল্লীৰ আমোলা-তন্ত্ৰৰো এই ১০-১২ লাখ জনসংখ্যাৰ গুৰুত্ত্বহীন, দুৰ্গম, উগ্ৰপন্থী অধ্যুষিত ৰাজ্য সমূহক লৈ চিন্তা কৰিবলৈ সময় আৰু সদিচ্ছা এটাও নাই | কিন্তু অসমৰ কথা সুকীয়া | অসমৰ জনসংখ্যা পান্জাৱ, হাৰিয়াণা, হিমাচল আদি ৰাজ্যকৈ বেছি, কেৰেলা আৰু ঝাৰখন্ডৰ সমান | সংসদত আমাৰ ২১ জন সাংসদ আছে | এক সুস্থ গণতান্ত্ৰীক পৰিৱেশ আছে, আছে প্ৰাকৃতিক সম্পদ, জনসম্পদ | প্ৰ্য়োজন কেৱল দূৰদৰ্শী নেতৃত্ব, সবল এডমিনিষ্ট্ৰেশ্বন, আচঁনি সমূহৰ সম্পূৰ্ণ আৰু সঠিক ৰূপায়ন, প্ৰ্য়োজন সম্পদৰ সুষম বানিজ্যিক ব্যৱহাৰ আৰু স্থানীয় যুৱ সমাজৰ entrepreneurship | এটা কথা চিন্তা কৰক, নাগালেন্ড আৰু মিজোৰামৰ জনসংখ্যা মিলি আমাৰ নগাওঁ জিলাৰ জনসংখ্যাৰ সমান নহয় | উত্তৰ-পূৱৰ আন সকলো ৰাজ্যৰ জনসংখ্যা অসমৰ একো একোখন জিলাৰো সমান নহয় | তদুপৰি সেইবোৰ ৰাজ্যৰ আৰ্থনৈতিক তথা ৰাজনৈতিক পৰিৱেশ অসমতকৈ সম্পূৰ্ণ পৃথক | এই পাহাৰীয়া ৰাজ্যসমূহত সম্পদ বুলিবলৈ একো নাই বুলি ক’ব পাৰি, গতিকে তেওঁলোক দিল্লিৰ দৰবাৰত হাত পতাটো স্বভাৱিক, আৰু এই হাত পতা কাৰ্য্যটোত সদায় অসমক ব্যৱহাৰ কৰি আছে | অসম এতিয়া এই হাত-পতা কাৰ্য্যটোৰ পৰা আতৰি আহি আত্ম-সন্মান সহকাৰে নিজৰ উন্নতিৰ পথ নিজে বিচাৰি লৱ লাগে, আমাৰ প্ৰাকৃতিক আৰু জনসম্পদৰ বিকাশৰ জৰিয়তে, পান্জাৱৰ দৰে, কেৰেলাৰ দৰে | অসম উত্তৰ-পূৱৰ নপতা ফুকন হৈ থকাতকৈ, পাহাৰীয়া, দুৰ্গম, উগ্ৰপন্থী অধ্যুষিত অন্চল আদি বিশেষণৰ পৰা নিজকে মুক্ত কৰি স্বাভিমান আৰু উতকৰ্ষতাৰ দ্বাৰা সৰ্ব-ভাৰতীয় ক্ষেত্ৰত নিজৰ সন্মানজনক স্থান নিৰ্ধাৰণ কৰিব লাগিব | উত্তৰ-পূৱ বুলিলে সততে আমি অৱেগিক হৈ পৰো, কিন্তু এই কথা আমি পাহৰি যাওঁ যে উত্তৰ-পূৱ নামক এই ধাৰণাটোৰ সৃষ্টি হৈছিল অসম-বিৰোধৰ মাজেদি | গতিকে, এই সাত-ভণী আদি আৱেগসমূহ কেৱল অত্যন্ত superficial য়ে নহয় অপ্ৰয়োজনীয় | কৰ্মসূত্ৰে পাহাৰীয়া ৰাজ্য সমূহত থকা অসমৰ মানুহে বেছি ভাল কৈ ক’ব পাৰিব আমি কিমান্ দূৰ ভাই-ভণী হ’ৱ পাৰিছো | মুঠতে, উত্তৰ-পূৱ বিশেষণ অসমৰ বাবে এক stigma, এটা bad publicity , অসম যেতিয়া লৈকে উত্তৰ-পূৱ হৈ থাকিব তেতিয়া লৈকে ’দুখীয়া, দুৰ্গম, উগ্ৰপন্থী অধ্যুষিত’ বিশেষ শ্ৰেণীৰ ৰাজ্য হৈয়ে থাকিব, এই পংগু ৰাজ্যৰ image ৰ পৰা নিজকে মুক্ত কৰি অসম আৰু অসমীয়াই নিজৰ সম্পদ, মেধা আৰু দুৰদৰ্শী ৰাজনৈতিক-অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ দ্বাৰা আগুৱাই যাব লাগে | উত্তৰ-পূৱ হৈ নিজকে মূল-সূতিৰ পৰা দুৰত ৰখাতকৈ, মূলসূতিৰ এক উল্লেখযোগ্য শক্তি হোৱাটোহে বেছি প্ৰয়োজন | NB : ওপৰত ব্যক্ত কৰা মতামত একান্ত ব্যক্তিগত, and NOT in official capacity | Manjit Nath, Ajoy Lal Dutta, DevangaPallav Saikia আৰু আন চিনাকী-অচিনাকী বন্ধু সকললৈ ধন্যবাদ মোক আকৌ লিখিবলৈ উচাহ দিয়া বাবে |
Posted on: Sat, 23 Aug 2014 11:29:19 +0000

Trending Topics



Recently Viewed Topics




© 2015