অৱসাদঃ (The poem speaks of my friend’s love story. - TopicsExpress



          

অৱসাদঃ (The poem speaks of my friend’s love story. His story has touched me & made me realize, how can I captured his feelings & emotions. This poem is just how he feel about his love. Honestly, it made me weep for a moment ) অশ্রুৰে ভৰা নৈ বৈ গৈছে দু-নয়নেদি চিনাকি এটি ছবিক এৰি আহিছো দূৰণিতে, ভাৱিছিলো জীৱনক দি যাওঁ এক মিঠা সুবাস কিন্তু আজি গ’ল গুছি সকলো মৰহি । হেপাহঁতো আজি তোমাকেই বিছাৰো মনত আছে আজিওঁ এৰি অহা সেই খোজবোৰ, তুমি কিয় দিলা উভতাই অৱসাদে আৱৰি ধৰা জীৱন । লাগে আজিও বুকুৰ এচুকত তুমি নাই আজি বহুদূৰ, শেৱালীৰ সুৱাস হেৰাই পেলাই শীতৰ নিয়ৰৰ টোপালবোৰ অশ্রু হৈ সৰে । গুন-গুনাই আছো নিৰৱতাক ভাঙি বেদনায়ে আজিও হৃদয়ক আৱৰি ধৰে, গৰজি থকা আকাশ দেখি মনত পৰে ফুল বুটলি ফুৰা সোনালী দিনলৈ ।
Posted on: Fri, 07 Mar 2014 06:32:59 +0000

Trending Topics



Recently Viewed Topics




© 2015