থাকে বুকু জুৰি ১) এন্ধাৰ - TopicsExpress



          

থাকে বুকু জুৰি ১) এন্ধাৰ তলাতল ভাঙি আহে পাখিলগা শব্দ মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰণ্ময় ৰাতি | ২) আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে দুখ, তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে | ৩) উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী, আপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু, নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি | Hiren Bhattacharyya
Posted on: Thu, 11 Jul 2013 13:40:43 +0000

Trending Topics



eight:30px;">
I just want to say to all my English or foreign Fb friends that I
Hi aunt Tina please post for me and hide my id.please let me know
Ten Rules for a Happy Marriage".. ! 1. Never both be angry at the

Recently Viewed Topics




© 2015