Give me back my childhood…….. ক্লাছ টুৰ - TopicsExpress



          

Give me back my childhood…….. ক্লাছ টুৰ পৰা ক্লাছ ফোৰলৈকে নিম্ন বুনিয়াদি ইচকুলত পঢ়ি থকাৰ সময়ৰ কথা ৷ ইচকুল যাবৰ সময়ত ঘৰৰ পৰা সদায়েই ১০ বা ১২ টকাকৈ দিছিল ৷ যাৰ মাজত ৩+৩=৬ টকা আছিল ৰিক্সাভাড়া আৰু বাকী ৬ টকা আছিল মোৰ পকেট খৰচ ৷ যিদিনা অলপমান সময় পাইছিলো বা আমাৰ কলনিৰে কোনোবা লগৰ কোনোবা পালে , কথা পাতি পাতি ঘৰলৈ বুলি খোজকাঢ়ি আহিছিলোঁ ৷ মোৰ ভাগত ৰৈ যোৱা সেই ৬ টকাতোক ভাগ ভাগ কৰি খৰচ কৰিছিলো ৷ এনেকৈ ২টাৰ চানা, ২টকাৰ আলু চাট, ২ টকাৰ আচাৰ ৷ কেতিয়াবা বগৰী, তেতেলী, জলপাই…….. আৰু যিদিনাখন লগৰবোৰৰ সৈতে খোজকাঢ়ি আহিছিলো, সিদিনা ৰৈ যোৱা ৩ টকাটো মোৰ মাটিৰ বেংকটোত ডিপজিট কৰি থৈছিলো ৷ এনেদৰেই গোটেই সপ্তাহটোত প্রায় ৬ ৰ পৰা ৯ টকাকৈ জমা কৰিছিলো ৷ বছৰৰ শেষত যেতিয়া মোৰ মাটিৰ বেংকটো ভাঙি টকাবোৰ ৱুইথড্র কৰিছিলো তেতিয়ালৈকে প্রায় ৩৫০ ৰ পৰা ৪০০ টকা মান ওলাইছিল ৷ তেতিয়া সেই ৪০০ টকা হাতত পোৱা মানে পৃথিৱীৰ আটাইটকৈ সুখী আৰু ধনী মানুহজন হৈ পৰিছিলো ৷ এনে যেন লাগিছিল পৃথিৱীৰ সকলো কিবাই যেন মোৰ হাতৰ মুঠিত ৷ নহবই না কিয় কওকচোন ? তেতিয়া হাতত নাছিল মোবাইল বা ফেচবুক ৷ ডিমান্দ বুলিলে আছিল ২ টকাৰ জ্বলা চানা , ২ টকাৰ সেই লোভনীয় বগৰীৰ আচাৰ আৰু ২ টকাৰ টেষ্টি আলু চাট ৷ কিমান যে ভাল আছিল সেই দিনবোৰ ৷ আস আকৌ যদি কেনেবাকৈ ঘূৰাই পালোহেঁতেন !!!! পেৰী ব্লেকৰ গানটো মনত পৰি গ’ল……. Give me back my childhood Give me back what I have lost ..I walk along the shore and think of Mary Poppins She knew then and she knows now That confidence can make a cripple skip on rivers She knew then, she knew then Give me back my childhood Give me back what I have lost...
Posted on: Tue, 27 Aug 2013 10:14:54 +0000

Trending Topics



Recently Viewed Topics




© 2015