॥জালুকবাৰী বাছ ষ্টেণ্ডত - TopicsExpress



          

॥জালুকবাৰী বাছ ষ্টেণ্ডত ৰৈ থকা ছোৱালী জনী ॥ ____দাদুল ভূঞা ৯/১০/১৩ জালুকবাৰী বাছ ষ্টেণ্ডত ৰৈ থকা ছোৱালীজনী ইমানপৰ কাৰ অপেক্ষাত ৰৈ থাকিলা কৃষ্ণচূড়া নগৰীত? মাজে মাজে মোলৈ চাই এটি মিচিকীয়া হাঁহি, আকৌ মাজে মাজে ভ্রাম্যভাষটো ওলিয়াই খিল খিল হাঁহি । তোমাৰ সেই লাস্যময়ী যৌৱন , কপালৰ আগফালে পৰি ৰোৱা সেই মেঘালিচুলি, বগা ওৰোণাৰে ঢাকি থোৱা তোমাৰ সেই সুঠাম শৰীৰ দেখি, কোন প্রেমিকে বাৰু নাচাব তোমালৈ ঘূৰি। তোমাৰ কাজল সনা চকুৰ চাঁৱনিত ভাঁহি আহে জালুকবাৰীৰ সকলো সৌর্ন্দয । নীলা আকাশৰ বুকুত শুকুলা মেঘবোৰ উজোৱাৰ দৰে তোমাৰ বুকুতো ফুলি উঠে প্রেমৰ এমুঠি যোৱাৰ । মহানগৰীৰ প্রেমিক চৰাই বোৰে তোমাক দেখি সুহুৰি এটা মাৰে, চিনাকি হোৱাৰ সুযোগ এটা বিচাৰে। নিবিচাৰিবইনো কিয় হে! তোমাৰ ককাললৈকে বৈ পৰা চুলি, তোমাৰ কথা কোৱাৰ ভংগিমাই যেন আদৰি আনিছে শৰতৰ শাৰদী ৰানী। অচিনাকি হয়ো আজি তুমি মোৰ চিনাকিৰ দৰে হলা, সৌ সেউজীয়া পাহাৰটোৰ দৰে, মোৰ বুকুত ক্ষন্তেকৰ বাবে এমুঠি সেউজীয়া চটিয়াই গলা। আজি তোমাক হিৰুদাৰ কবিতা শুনাবলৈ বাদ পৰি ৰল, বাদ পৰি ৰল শতিকাৰ যান্ত্রিকতাত ডুব যোৱা নষ্ট নগৰীৰ মাতাল নিশাবোৰৰ কথা। বাৰু থাকক দিয়া আজিলৈ কেতিয়াবা যদি আকৌ লগ পাওঁ কৃষ্ণচূড়া নগৰীত , শুনাম দিয়া হীৰুদাৰ কবিতা, নাইবা মোৰ কোমল হাতৰ পৰশে উকা কাগজৰ পাতত লিখি থোৱা কিছুমান অকবিতা।
Posted on: Sat, 12 Oct 2013 17:47:14 +0000

Trending Topics



FOR

Recently Viewed Topics



FOR

© 2015