Our reader Mr Britul Sharma, also an avid blogger, wrote a review - TopicsExpress



          

Our reader Mr Britul Sharma, also an avid blogger, wrote a review about AssamKart in his blog leisuretask/ He says... Assamkartৰ গ্ৰাহক আৰু ইয়াৰ এন্দ্ৰইড্‌ এপৰ ব্যৱহাৰকাৰী হিছাপে ম‍ই খুবেই সুখী । ইয়াৰ সেৱা অতিকৈ সুন্দৰ আৰু ম‍ই খুবেই সুপ্ৰসন্ন । এন্দ্ৰইড্‌ এপটো ইমান সুন্দৰকৈ একো সমস্যা নিদিয়াকৈ কাম কৰে যে কি ক’ম । তাৰোপৰি ম‍ই আগতে ইংৰাজী ই-আলোচনী সমূহ পঢ়িবলৈ অন্যান্য কিছুমান এন্দ্ৰ‍ইড এপ ব্যৱহাৰ কৰিছিলো । তাৰ ভিতৰত অন্যতম আছিল Magzter । কিন্তু সকলোতকৈ ডাঙৰ সমস্যাটো হ’ল তাত আলোচনীসমূহ ডাউনল’ড কৰিবলৈ বহু সময় লৈছিল । আকৌ ডাউনল’ড কৰি থাকোতে মাজত ইন্টাৰনেট সংযোগ বিঘ্নিত হ’লে আকৌ নতুনকৈ প্ৰথমৰপৰাই ডাউনল’ড কৰিব লাগে । প্ৰধান সমস্যাটো হ’ল তাত আলোচনীসমূহত ৰং বিৰঙৰ বিজ্ঞাপন ইত্যাদিৰ বাবে ই বৃহৎ কলেবৰৰ হৈ পৰে আৰু সেইবাবেই ডাউনল’ডত অসুবিধা হয় । কিন্তু Assamkartৰ কিতাপসমূহত তেনেকুৱা অসুবিধা একো পোৱা নাই । কিনা কিতাপখন তৎক্ষণাত টেবলেটত দেখা পোৱা যায় আৰু ডাউনল’ড কৰিবলৈ 2G/EDGE/GPRS কানেক্‌চনত দুই মিনিট সময়ো নালাগে । ইয়াৰ উপৰিও টেবলেটৰ পৰাই চিধাচিধি কিতাপ কিনিব পাৰি । কোনো এখন কিতাপ পঢ়ি থাকোতে আধাতে এৰিব লগা হ’লে, এৰা ঠাইত বুকমাৰ্কিং কৰি থব পাৰি । নিজৰ সুবিধা অনুসৰি আখৰৰ আকাৰ সৰু ডাঙৰ কৰি ল’ব পাৰি । কোনো এক নিৰ্দ্দিষ্ট পৃষ্ঠালৈ এবাৰতে যাব পাৰি, কোনো কিতাপৰ ভাল বেয়া সম্পৰ্কে মতামত দিব পৰি, আনক কিতাপ উপহাৰ দিব পাৰি … ইত্যাদি ইত্যাদি বহুত সুবিধা । Find the full post here leisuretask/অসমীয়া-ই-বুক/
Posted on: Sun, 28 Jul 2013 05:45:31 +0000

Trending Topics



Recently Viewed Topics




© 2015