টাকলুলৈ বিনম্ৰ - TopicsExpress



          

টাকলুলৈ বিনম্ৰ অনুৰোধ ............................ ৰাজীবে দিগন্তৰ ৱালত মন্তব্য কৰিছে ‘‘তপা মূৰৰ কাহিনী বেছি হৈছে দেই!! ভাল নহয় এইবোৰ।’’ কথাখিনি পঢ়ি ক্ষোভত ফাটি পৰিছো ৷ আজি পুৱাৰে পৰা মোৰ কি অথন্তৰ হৈছে হিচাব আছে নে ? তপা মূৰীয়াৰ ভয়ত হেলমেট পিন্ধি ঘুৰি ফুৰিছো, উইগ বিচাৰি পোৱা নাই কাৰণে পুৱাৰে পৰা পন্ডিতৰ দোকানলৈ যাবলৈ পৰা নাই ৷ মানিছো বাৰু তপা মূৰৰ কাহিনী বেছি হৈছে ৷ টাকলুৰ নামত ইমান লটিঘটি হোৱাৰ পাছত এনেকৈ ক’লে মনটো বেয়া নালাগিব নেকি ? ঘটনাটো --------- পুৱা ৫-৪৫ৰে পৰা ক্লাছ কৰি আছো ৷ মোবাইল চাইলেন্টত ৷ এপাকত সময় চাওঁ বুলি মোবাইলটোলৈ মন কৰি দেখিলো ১১টা মিচড কল ৷ তাকো এক অচিনাকি নম্বৰৰ পৰা ৷ চিন্তা কৰিলো, ‘‘কোন হ’ব পাৰে ? কি ইমান প্ৰয়োজনীয় কথা আছে যে ১১ টাকৈ মিচড কল দিছে ?’’ মনতে ভাবিলো, ‘‘ক্লাছ শেষ কৰি পন্ডিতৰ দোকানীলৈ ( ডাউন টাউনৰ ওচৰত থকা) গৈ পান এখন খাই ফোন কৰিম ৷’’ তেনেতে আকৌ সেই নম্বৰৰ পৰা ফোন আহিল ৷ ক্লাছৰ বাহিৰলৈ ওলাই গৈ অকনমান সন্দেহেৰেই ক’লো, ‘হেল্ল !’’ ‘‘অই টাকলু ! wish কৰা নাই কিয় ?’’, সিফালৰ পৰা যুৱতীৰ উত্তেজিত কন্ঠ ৷ ‘‘টাকলু ?’’ মই হতবাক ! কোন যুৱতীয়ে মোক বাৰু টাকলু বুলি মাতে চিন্তা কৰিবলৈ ধৰিলো ৷ পোৱালী, পেটেলা এইবোৰ নামেৰে সম্বোধন কৰা মোৰ বান্ধবী নথকা নহয় ৷ পাছে টাকলু বুলি কোনেও মোক যে সম্বোধন নকৰে মই নিশ্চিত ! মই মনে মনে থকা দেখিয়ে হ’ব পায় সিফাৰ পৰা যুৱতীয়ে প্ৰায় চিঞৰিবলৈ ধৰিলে, ‘‘টাকলু ! টাকলু ! টাকলু ! ঐ টাকলু ! বাৰ্থডে গিফ্ট দিব লাগে বুলি মনে মনে আছ ?’’ মই ভাবি পোৱা নাই কি উত্তৰ দিওঁ ৷ সুধিলো, ‘‘আপোনাৰ কিবা ভুল হৈছে নেকি ? কাক বিচাৰিছে বাৰু ?’’ যুৱতী ক্ষোভত ফাটি পৰিছে, ‘‘ঐ টাকলু ! বেছি ভাও নাখাবি ৷ আপুনি বুলি ক’বলৈ আহিছ ? টাকলা তালু ফুটা দিম চিনি পোৱা নাই !’’ মই সুবিধাই পালো, ‘‘নাই পোৱা চিনি !’’ যুবতীয়ে ক’লে, ‘‘বাদে সেইবোৰ ফাল্টুৱামি ! মই ডাউন টাউনৰ ওচৰত ৰৈ আছো ৷ আহি যা ৷ বেছি দেৰি কৰিলে তোৰ কান্ধতে উঠিম বাপ্পেকে ! গম পাবি ৷ বাই দেৰি নকৰিবি !’’ মই ফোনটো থৈ চিন্তা কৰিলো তালু ফুটিবলৈ দিব নোৱাৰি ৷ আজি দিনটো হেলমেট পিন্ধি থাকিব লাগিব ৷ আগৰ হেলমেটটো পুৰণি হৈছে ৷ দূৰ্গা অটোমোবাইললৈ গৈ নতুন ISI মাৰ্কা হেলমেট এটা কিনি ল’লো ৷ এতিয়া বিচাৰি ফুৰিছো উইগ ক’ত পোৱা যায় ৷ সেইটো পালে অন্ততঃ পন্ডিতৰ দোকানৰ ফালে যাব পাৰিম ৷ অচিনাকি যুৱতীক কান্ধত উঠাই ফুৰিলে এওঁ বৰ ভাল নাপাব ৷ অনুৰোধটো : মৰমৰ টাকলু, তুমি যদি কেনেবাকৈ মোৰ ৱালত এই আপডেট দেখিছা পাৰিলে ফোন এটা কৰি জন্মদিনৰ শুভেচ্ছা জনাই দিবা ৷ আমি বাকী টাকলুবোৰৰ তালুৰ কথাও চিন্তা কৰিবা ৷
Posted on: Sat, 09 Aug 2014 08:28:27 +0000

Trending Topics



Recently Viewed Topics




© 2015