বাতৰি কাকতে যিহেতু - TopicsExpress



          

বাতৰি কাকতে যিহেতু প্ৰৱন্ধটো প্ৰকাশ নকৰিলে, সেয়ে ইয়াতে ৰাইজৰ লগত ভগাই ল্লো । আশাকৰো ৰাইজে কথাবোৰ ভাৱি চাব - ইছলামিক মৌলবাদ, উগ্ৰ-হিন্দুত্ববাদ, অসমীয়া বৌদ্ধিকতাৰ সমস্যা আৰু অসমৰ সংকট – ময়ূৰজ্যোতি ভূঞা এখন গাঁওৰ কথাৰে বৰপেটা জিলাৰ এটা বিধানসভা সমষ্টি হ’ল জনীয়া। জনীয়া সমষ্টিৰ মুঠ জনসংখ্যা এক লাখ ত্ৰিশ হাজাৰৰ( আনুমানিক) ভিতৰত পোন্ধৰ হেজাৰ (আনুমানিক) লোক হিন্দু। তাৰে আঠহাজাৰ(আনুমানিক) লোক বাংলাভাষী হিন্দু। বাকী প্ৰায় সাতহাজাৰ লোক অসমীয়া ভাষী হিন্দু। সমষ্টিটোৰ প্ৰায় আশী শতাংশ লোক হ’ল মুছলমান । এওঁলোকৰ মাজত কিছু অসমীয়াভাষী মুছলমান লোকো থাকিব পাৰে । থাকিলেও তেওঁলোক জনসংখ্যাৰ ফালৰ পৰা নিচেই তাকৰ । মুঠ মুছলমান লোকৰ জনসংখ্যাৰ দুই শতাংশ বা তাতকৈও কম হব কিজানি। তেওঁলোকক বাদ দি বাকীখিনি মুছলমান হ’ল বাংলাভাষী । এই জনীয়া সমষ্টিত আছে এখন গাঁও । গাঁওখনৰ নামো জনীয়া । বৰপেটা সদৰৰ পৰা দূৰত্ব প্ৰায় দহ কিলোমিটাৰ । গাঁওখন ৬ নং বিধান সভা আৰু ৪৪ নং লোকসভা সমষ্টিৰ অন্তৰ্গত । গাঁওখনত অসমীয়াভাষী হিন্দু হ’ল প্ৰায় ১৫০ ঘৰ । ইয়াতেই আছে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী পুৰুষোত্তম দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা দুখন সত্ৰ । সমগ্ৰ জনীয়া অঞ্চলটো, তাৰ গাতে লাগি থকা বাংলীপাৰা, শালেকুৰা আদি গাঁও আৰু নিকটৱৰ্তী বেঁকী নৈৰ চৰ-চাপৰিসমূহ মূছলমান অধ্যুষিত । আমি এই জনীয়া গাঁওতে ১৯৯৩ চনৰ পৰা বাস কৰি আহিছোঁ । আমাৰ জন্ম ১৯৯২ চনত । অঞ্চলটোৰ দ্ৰুত পৰিৱৰ্তিত জন-গাঁঠনিৰ আমি প্ৰত্যক্ষদৰ্শী । সৰুতে এইবোৰ পৰিৱৰ্তনৰ গুৰুত্ব বুজি পোৱা নাছিলোঁ যদিও পৰিৱৰ্তনবোৰ চকুত পৰিছিল । জনীয়া গাঁওৰ নিকটৱৰ্তী মুছলমান অধ্যুষিত গাঁওসমূহৰ ভিতৰত,পথাৰসমূহত ‘বাহিৰৰ পৰা অহা লোকে’ ঘৰ সঁজা আৰু বসতি স্থাপন কৰা, আমি বুজা হোৱাৰে পৰা দেখিছোঁ । প্ৰশ্ন হয়, এই বাহিৰৰ পৰা অহা লোকসকলনো কোন ? তাৰে একাংশ হ’ল বিভিন্ন চৰ অঞ্চলৰ পৰা অহা আৰু আন কিছুমান হ’ল বেঁকী নৈৰ খহনীয়াত ঘৰ-ভেঁটি উছন হোৱা লোক। তাৰ বাহিৰেও এনে কিছুমান লোকো এই নতুনকৈ অহা লোকসকলৰ মাজত আছে,যাক সন্দেহযুক্ত বাংলাদেশী বুলি ভাৱিৱৰ যথেষ্ট থল আছে । চিন্তনীয় কথা এই যে, অঞ্চলটোৰ পুৰণি অধিবাসী মুছলমান লোকসকলৰ কিছুমানেও এই কথা স্বীকাৰ কৰে । অঞ্চলটোত পুৰ্বৰ পৰা বিৰাজমান অথচ যোৱা দশকৰপৰা দ্ৰুত অৱনতি ঘটা, সম্প্ৰীতিৰ বাতাবৰণৰ প্ৰসংগত তেওঁলোকে উদ্বেগো প্ৰকাশ কৰে । কিন্তু লক্ষণীয় কথা এই যে, ব্যক্তিগত পৰ্যায়ৰ কথা- বতৰাত তেওঁলোকে সন্দেহযুক্ত বাংলাদেশীৰ অৱস্থিতিৰ কথা স্বীকাৰ কৰিলেও, ৰাজহুৱাকৈ তথা মুকলিকৈ কথাটো কোনেও স্বীকাৰ কৰিব নোখোজে। ইয়াৰ কাৰণ মূলতে দুটা । প্ৰথম, দলগত ৰাজনীতিৰ প্ৰতি আনুগত্য আৰু দ্বিতীয়টো হ’ল অঞ্চলটোৰ স্থানীয় মুছলমান সকলৰ মাজত ক্ৰিয়াশীল এক ‘অদৃশ্য শক্তি’ৰ প্ৰভাৱ । এই অদৃশ্য শক্তিৰ চৰিত্ৰটো মূলত: ধৰ্মীয় । কথাটোৰ গুৰুত্ব বুজিবলৈ আমি ল’ব পাৰোঁ ১৯৮৩ আৰু ২০১০ চনত অঞ্চলটোত হোৱা কিছু ঘটনাৰ উদাহৰণ । চন ২০১০- এই অদৃশ্য শক্তিৰ প্ৰভাৱৰ কথা স্পষ্ট ৰূপত পোহৰলৈ আহে ২০১০ চনৰ জুলাই মাহত । সেই মাহৰ ২১ তাৰিখে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত ব্যাঘাত জন্মাবলৈ আমছুৰ এটা গোটে, উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত শিল দলিয়ায় আৰু চৌহদতে থকা এটা ঘৰত অগ্নিসংযোগ কৰে । ফলস্বৰূপে আৰক্ষীয়ে গুলিচালনা কৰাত ৪ জন কৰ্মী নিহত হয় আৰু প্ৰায় ৫০ জন লোক আঘাতপ্ৰাপ্ত হয় (উত্স- The Assam Tribune,24 July, 2010)। বৰপেটা সদৰত হোৱা এই ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে পৰৱৰ্তী সময়ত বৃহত্তৰ জনীয়া অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । ২১ জুলাইৰ দিনাই সদৰৰ পৰা জনীয়া গাঁওলৈ অহা এক মাত্ৰ পথটো অঞ্চলটোৰ কিছু মুছলমান লোকে কাঠৰ কুণ্ডা আদি পেলাই অৱৰোধ কৰে, যাতে সদৰৰ পৰা কোনো আৰক্ষী-প্ৰশাসনৰ লোক আহিব নোৱাৰে । একেদিনাই ব্যক্তিগত কামত সদৰলৈ যোৱা জনীয়া গাঁওৰ কিছুসংখ্যক অসমীয়াভাষী হিন্দুলোকক, সদৰৰ পৰা উভটি আহি থকাৰ পথত জাহোৰপাম নামৰ ঠাইত কিছু সংখ্যক মুছলমানলোকে শাৰিৰীকভাৱে অপদস্থ কৰে । তাৰ দুদিনমান পিছত, বৰপেটা সদৰত হোৱা এখন বিয়াৰ বাবে, তেতিয়াৰ বৰপেটাৰ বিধায়ক গুণীন দাসে জনীয়া গাঁওত থকা তেখেতৰ কেইগৰাকীমান আত্মীয়ক নিবলৈ তেখেতৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীক পঠায় । নিৰাপত্তাৰক্ষী কেইজনৰ হাতত অস্ত্ৰ দেখি, গাঁওৰ ৰাইজক অস্ত্ৰ যোগান ধৰিবলৈ অহা বুলি প্ৰায় দ্বি-শতাধিক মুছলমান লোকে বিধায়ক দাসৰ আত্মীয় ঘৰক ঘেৰি ধৰে আৰু নিৰাপত্তাৰক্ষী কেইজনে ব্যৱহাৰ কৰা গাড়ীখন জ্বলাই দিয়াৰো উপক্ৰম কৰে। নিৰাপত্তাৰক্ষী কেইজনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱাত, জিলাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হ’ব লগা হয় । তেওঁৰ উপস্থিতিতহে আত্মীয় কেইগৰাকীৰ সৈতে নিৰাপত্তাৰক্ষী কেইজনক যাবলৈ অনুমতি দিয়া হয় । ইতিমধ্যে ২১ জুলাইৰ ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ অসমীয়াভাষী হিন্দুলোকসকলক স্থানীয় বজাৰৰ পৰা নিত্য প্ৰয়োজনীয় শাক-পাচলি, ৰেচনৰ সামগ্ৰী, মাছ আৰু গাখীৰ আদি ক্ৰয় কৰাত একাংশ মুছলমানলোকে বাধা আৰোপ কৰে । পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে আমাৰ সম্পৰ্কীয় ভাতৃ এগৰাকীয়ে বজাৰৰ পৰা ক্ৰয় কৰি অনা মাছ, তেওঁৰ ঘৰৰ সন্মুখতে, তেওঁৰ হাতৰ পৰা কাঢ়ি নি তেওঁক প্ৰাণে মৰাৰো ভাবুকি দিয়া হয় । একে ঘটনাই সংঘটিত হয় গাঁওৰে আন এজনৰ লগতো । ২১ জুলাইৰ ঘ্টনাৰ কিছুদিন পিছত গাঁওত প্ৰশাসনৰ উদ্যোগত নাগৰিক সভা আহ্বান কৰা হয় । জনীয়া বজাৰত অৱস্থিত শ্ৰী শ্ৰী পুৰুষোত্তম দাস পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত কিছুসংখ্যক মুছলমান লোকে বৰপেটা জিলাৰ তেতিয়াৰ আৰক্ষী অধীক্ষক দেৱজীত মুখাৰ্জীক অপদস্থ কৰে আৰু পৰৱৰ্তী সময়ত পুথিভঁৰাললৈ শিল দলিয়াই পুথিভঁৰালৰ অনিষ্ট কৰে । পিছৰ পৰ্যায়ত অঞ্চলটোত উৰাবাতৰি ওলায় যে, ‘বাহিৰৰ পৰা’ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত লোক আহি আছে অসমীয়াভাষী হিন্দুসকলৰ গাঁও জ্বলাই দিবলৈ । ফলত পৰিস্থিতি অধিক সংঘাটপূৰ্ণ হৈ উঠে । অসমীয়াভাষী হিন্দু যুৱকসকলে আত্মৰক্ষাৰ ব্যৱস্থা কৰাৰ যো-জা কৰাৰ লগতে প্ৰশাসনৰো সহায় বিচাৰে । তেনে এক বিভীষিকাময় পৰিস্থিতিত এদিনাখন ৰাতি ডেৰ বজাত তেতিয়াৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অঞ্চলটোত আহি উপস্থিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে সেই সময়ত, তেতিয়াৰ স্থানীয় বিধায়ক আব্দুল খালেকৰ বাদে কোনো মুছলমান লোক উপস্থিত নাছিল । স্থানীয় ৰাইজে জনোৱা মতে, বিভীষিকাময় দিন কেইটাত অঞ্চলটোৰ মুছলমান ৰাইজে কৌশলগত ভাৱে নীৰৱ ভূমিকা পালন কৰে । তেওঁলোকে দিনৰ সময়চোৱাত শান্তি-সভা পতাৰ প্ৰস্তাৱ দিলেও ৰাতিৰ ভাগত স্থানীয় অসমীয়াভাষী হিন্দুসকলক বাহিৰা দৃষ্কৃতিকাৰীৰ পৰা নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগিতা কৰা নাছিল । ২১ জুলাইৰ পিছৰ পৰা প্ৰায় চাৰি-পাঁচদিনলৈকে জনীয়া গাঁওৰ পৰা বৰপেটা সদৰলৈ চলা সাধাৰণ যাতায়ত-পৰিবহণ বন্ধ হৈ থাকে । পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনৰ হস্তক্ষেপত অঞ্চলটোলৈ সুস্থিৰ অৱস্থা ঘূৰি আহে । চন ১৯৮৩ – অসম আন্দোলনৰ সময় । তেতিয়াৰ সাম্প্ৰদায়িক হিংসা, সামাজিক-ৰাজনৈতিক অস্থিৰতাৰ সময়ত, জনীয়া অঞ্চলৰ মুছলমান লোকসকলেই অঞ্চলটোৰ সংখ্যালঘূ অসমীয়াভাষী হিন্দু লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দায়িত্ব লৈছিল । বাহিৰৰ পৰা আহিব খোজা উত্তেজনাকামী দুস্কৃতিকাৰী সকলৰ ভাবুকিত যেতিয়া অঞ্চলটোৰ অসমীয়াভাষী হিন্দুসকল শংকিত হৈ আছিল, তেতিয়া স্থানীয় মুছলমান ৰাইজৰ নেতৃস্থানীয় এজনে ঘোষণা কৰিছিল যে বাহিৰৰ পৰা কোনো দুস্কৃতিকাৰী আহি অসমীয়াভাষী হিন্দু ৰাইজৰ অন্যায় কৰিব খুজিলে, দুস্কৃতিকাৰী সকলে প্ৰথমতে তেওঁৰ মৃতদেহৰ ওপৰেদি পাৰ হ’ব লাগিব । প্ৰাপ্ত তথ্যমতে, জনীয়া সমষ্টিৰ ৰহা গাঁওখন যিদিনা দুস্কৃতিকাৰীয়ে জলাই দিয়ে, সেইদিনা জনীয়া অঞ্চলটোৰে এগৰাকী মুছলমানলোকৰ নেতৃত্বতে ৰাতিৰ ভিতৰতে কেন্দ্ৰীয় সংৰক্ষিত নিৰাপত্তা বাহিনীৰ বৃহত্ দল এটা অঞ্চলটোলৈ মাতি অনা হৈছিল্, অসমীয়াভাষী হিন্দুসকলৰ নিৰাপত্তাৰ কাৰণে । এতিয়া প্ৰশ্ন হ’ল ১৯৮৩ ৰ পৰা ২০১০ চনলৈ, এই ২৭ বছৰৰ ভিতৰত অঞ্চলটোত এনেকুৱা কি পৰিৱৰ্তন হ’ল, যাৰ বাবে উল্লিখিত সময় দুটাত আমি অঞ্চলটোৰ হিন্দু-মুছলমান সম্পৰ্কৰ দুখন বিপৰীতমুখী চৰিত্ৰ আমি দেখিবলৈ পাওঁ । বৰ্তমান সময়ত গাওঁখনত হিন্দু আৰু মুছলমান, দুয়ো সম্প্ৰদায়ৰ লোকৰ মাজত আপাতত: এক স্বাভাৱিক সম্পৰ্ক বৰ্তি আছে । কিন্তু সত্ৰৰ মাটি বেদখল কৰা বিষয়ৰ বিবাদ এটা দুয়ো সম্প্ৰদায়ৰ মাজত এতিয়াও চলি আছে । উল্লেখ্য যে জনীয়া সত্ৰৰ প্ৰায় ত্ৰিশ বিঘা মাটিত কিছু মুছলমান সম্প্ৰদায়ৰ লোকে বেদখল কৰাত সত্ৰ পৰিচালনা সমিতিয়ে আদালতত গোচৰ তৰে । গোচৰত ৰায়দান সত্ৰ পৰিচালনা সমিতিৰ সপক্ষে যায়, আৰু প্ৰশাসনৰ সহযোগত বেদখলকাৰী সকলক উচ্ছেদ কৰা হয় । কিন্তু পৰৱৰ্তী সময়ত সত্ৰৰ ৰাইজে যেতিয়া মাটিৰ দখল ল’বলৈ যায়, তেতিয়া তেওঁলোকক কিছুমান মুছলমান লোকে ভাবুকি দি বাধা প্ৰদান কৰে । সমস্যাটো আজিৰ তাৰিখলৈকে সমাধান হোৱা নাই । এই ঘটনাৰাজীয়েও দৃষ্টিভংগী পৰিৱৰ্তনৰ কথাটোকে বলিষ্ঠভাৱে সমৰ্থন কৰে। উপৰোক্ত দৃষ্টিভংগী পৰিৱৰ্তনৰ কাৰকসমূহ কি কি, সেই কথাটো বুজাৰ লগতে জড়িত হৈ আছে মৌলবাদী সমস্যাটোৰ উত্সটোৰ চিনাক্তকৰণৰ প্ৰশ্নটো । কাৰণ এই পৰিৱৰ্তিত দৃষ্টিভংগীত এফালে যেনেকৈ ইছলামীক মৌলবাদৰ বীজ লুকাই থকাৰ উমান পোৱা যায়্, তেনেদৰে অঞ্চলটোত হিন্দু মৌলবাদৰ উত্থানৰ কাৰক হিচাপেও কাম কৰিব পাৰে এই পৰিৱৰ্তিত দৃষ্টিভংগীয়েই, যি ইছলামিক মৌলবাদৰ বিপক্ষতে এক আভ্যন্তৰীণ প্ৰতিৰোধ হিচাপে গঢ় লৈ উঠিব পাৰে । এইখিনিতে আমি ৰাইজক বিনম্ৰভাৱে জনাওঁ যে, আমাৰ গাঁওখনৰ উদাহৰণেৰে ৰাইজৰ মাজত এক সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱা আমাৰ উদ্দেশ্য নহয় । ৰাইজে যেন উদাহৰণটোৰ পৰা তেনে ধাৰণা এটা গ্ৰহণ নকৰে । অসমত হিন্দু-মুছলমান ঐক্য আৰু সংহতিৰ এক দীঘলীয়া ইতিহাস আছে । আমাৰ মাজত মৌলবাদ, জেহাদ আদিৰ বীজ আগতে নাছিল। সত্তৰ-আশীৰ দশকৰ পৰা অসমৰ জন-গাঁঠনিত পৰিৱৰ্তন আহিবলৈ ধৰে । ইয়াৰ মূল কাৰণ আছিল অবৈধ অনুপ্ৰবেশকাৰী । ৰাইজে মন কৰিব যে, থলুৱা হিন্দু আৰু মুছলমান কোনো কাৰো শত্ৰু নহয় । দুয়োটা ধৰ্মৰে থলুৱালোকৰ উমৈহতীয়া শত্ৰু হ’ল অবৈধ অনুপ্ৰবেশকাৰী । তেওঁলোক হিন্দুও হ’ব পাৰে, বা মুছলমানো হ’ব পাৰে । কিন্তু হিন্দু অনুপ্ৰবেশকাৰীতকৈ মুছলমান অনুপ্ৰবেশকাৰীৰ সংখ্যা অধিক । এই সন্তুলনহীনতাই জন-গাঁঠনিত পৰিৱৰ্তন আনিছে । তাৰ প্ৰভাৱ পৰিছে সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত । এই দুয়োটা ক্ষেত্ৰতে পৰা প্ৰভাৱৰ ফলস্বৰূপেই মৌলবাদে পুলি-পোখা মেলিবলৈ সুযোগ পাইছে । ইয়াৰ ওপৰত বিস্তাৰিত অধ্যয়ন আৰু চিন্তনৰ অৱকাশ আছে । আমি আমাৰ গাঁওখনৰ উদাহৰণ দাঙি ধৰিলোঁ আৰু এটা কাৰণত- মৌলবাদৰ সমস্যাটো, তাৰ Parameter সমূহ বুজাৰ ক্ষেত্ৰত, বৰ্তমান সমাজৰ এক প্ৰকৃত অৱস্থাটো দাঙি ধৰাত আমাৰ গাঁওখনৰ ছবিখনে সহায় কৰিব । কাৰণ আমাৰ গাঁওখনৰ দৰে গাঁও অসমত বহুত আছে । আমাৰ ধাৰণা হয় অসমৰ কোনো কোনো বুদ্ধিজীৱিয়ে এই ছবিখন দেখা নাই । সেয়ে আমি আশা কৰোঁ, অসমৰ ক্ষেত্ৰত পৰিস্থিতিৰ ভয়াৱহতা বুজাত আমাৰ গাঁওৰ ছবিখনে তেওঁলোকক সহায় কৰিব । ৰাইজেও কথাটোলৈ মন কৰিব- “In case of human affairs, not to laugh, not cry, not to become indignant but to understand”- Spinoza ড° হীৰেণ গোঁহাইৰ বক্তব্য প্ৰসংগত কিছু চিন্তা ২১ নৱেম্বৰৰ অসমীয়া বাতৰি কাকত সমুহৰ প্ৰায়ভাগতে ড° গোঁহাইৰ মন্তব্য ‘কেন্দ্ৰীয় চোৰাংচোৱাত আছে উগ্ৰ হিন্দুত্ববাদী :ড° হীৰেণ গোঁহাই ’ শিৰোনামাৰে প্ৰকাশ হোৱাৰ পিছত সন্ধিয়ালৈ আমালৈ কেইটামান ফোন কল আহে গোলাঘাট, বৰপেটা আদি ঠাইৰ পৰা । আমাৰ চিনাকি সেই ব্যক্তিসকলে ড° গোঁহাইৰ মন্তব্যত হতাশা আৰু উদ্বেগ প্ৰকাশ কৰে আৰু পাৰিলে আমাক দুআষাৰ লিখিবলৈ আদেশ-উপদেশ দিয়ে । তদুপৰি Social Networking site ‘Facebook’-তো বহুতো লোকে ড° গোঁহাইৰ মন্তব্যত উদ্বেগ প্ৰকাশ কৰা আমি দেখা পাওঁ । এই ধৰণৰ গভীৰ সংকটৰ বিষয়সমুহত লিখা মেলা কৰিব পৰাকৈ আমাৰ চিন্তা-বুদ্ধি আৰু অধ্যয়নৰ ব্যাপকতা নাই । কিন্তু ড° গোঁহাই বা তেখেতৰ দৰে ভবা লোকসকলে সাধাৰণ জনতাৰ হৃদয়ৰ ভয় আৰু শংকা প্ৰকৃতপক্ষে উপলব্ধি কৰা নাই যেনেই আমাৰ ধাৰনা হয় । তেনে পৰিস্থিতিত ৰাইজৰ মাজৰ পৰা কিছু কথা কোৱাৰ প্ৰয়োজন আছে বুলিয়েই এটা লেখা লিখাৰ সিদ্ধান্ত কৰি আমি আমাৰ গাঁওত থকা এজন ভাতৃলৈ ফোন কৰোঁ গাঁৱৰ কিছু তথ্য গোটাবলৈ । কথা প্ৰসংগত ভাতৃজনে কয় যে ড° গোঁহায়ে আচলতে কিছু কথা দেখা নাই অথবা বুজা নাই । তেখেতসকলে তেখেতসকলৰ নিৰাপদ স্থানৰ পৰা নামি গাঁওবোৰৰ মাজলৈ আহিলেহে আচল পৰিস্থিতিৰ কথা বুজিব পাৰিব । অগ্ৰজ ভাতৃজনে যিখিনি কথা কলে সেয়া অকল তেখেতৰ কথা নহয় । এইখিনি কথা আজি বহুলোকে কৈ আছে । ভয়, উদ্বেগ আৰু শংকা এইসকল লোকৰ মনত আছে, আমাৰ মনতো আছে । আশীৰ দশকৰ অভিশাপ শিৰত লৈ আমি জন্মিছোঁ। তাৰ পুনৰাবৃত্তি হোৱাটো, কাৰোবাৰ ভুলৰ বাবে আমাৰ আৰু আমাৰ পৰিচিত-অপৰিচিত সকলৰ ঘৰ, জীৱন, সমাজ ধ্বংস হোৱাটো আমি নিবিচাৰোঁ । আমি মাথো সমস্যাৰ সমাধান বিচাৰিছোঁ । জমিয়তৰ সভাত ড° গোঁহায়ে কৈছে- চোৰাংচোৱা সংস্থাসমুহত উগ্ৰ হিন্দুত্ববাদী লোক আছে। কিন্তু প্ৰশ্ন হল কাৰ মনত কি আছে, কিমানলৈ আছে তাক আমি সঁচাকৈ প্ৰমাণ সহকাৰে কব পাৰিম জানো ? তেখেতে যি যুক্তিৰে সেই কথা কৈছে, একেটা যুক্তিৰে আন কোনোবাইও কব পাৰে যে সংস্থাসমূহত ইছলামিক মৌলবাদক প্ৰশ্ৰয় দিয়া লোকো আছে । চোৰাংচোৱা সংস্থাৰ বিষয়াসমুহক যোগ্যতাৰ ভিত্তিত সংবিধান অনুসাৰে নিযুক্তি দিয়া হয় । কেন্দ্ৰত যি দলৰে চৰকাৰ হয়, সেইদলেই তেওঁলোকৰ পছন্দৰ বিষয়াসকলক নিযুক্তি দিয়েই । সেয়া নতুন কথা নহয় । আমি কৰিব পৰাৰ ভিতৰত আছে যে এই বিষয়াসকলৰ নিযুক্তিৰ ক্ষেত্ৰত সংবিধান প্ৰদত্ত নিয়মবোৰ উলংঘা কৰা হৈছে নেকি তাক নিৰীক্ষণ কৰা আৰু যদি হৈছে তেন্তে তাৰ বিপক্ষে প্ৰতিবাদ কৰা । তদুপৰি এই বিষয়াসকলৰ Professional career ত যদি সবিধান উলংঘা কৰি কাম কৰাৰ কিবা নিদৰ্শন আছে, তেন্তে তেনে বিষয়াৰ নিযুক্তিৰ বিষয়টোত আইনৰ আওঁতাত থাকি প্ৰতিবাদ কৰিব লাগে আৰু যদি সংবিধানে অনুমতি দিয়ে তেন্তে প্ৰয়োজন সাপেক্ষে আদালতত জন-স্বাৰ্থ জড়িত আবেদন দাখিল কৰিব লাগে । তাকে নকৰি মাত্ৰ অনুমানৰ, আশংকাৰ ভিত্তিত কাৰ মনত কি আছে, সেই কথাৰ ভিত্তিত যদি কোনোৱে অভিযোগ-প্ৰতিঅভিযোগৰ বোকা ছটিয়াই থাকে, তেন্তে সেয়া প্ৰকৃত সমালোচনাৰ নিদৰ্শন হ্য়নে ? তেনে সমালোচনাই মূল সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা সহায় কৰিবনে ? অথবা জনসাধাৰনক সমস্যা সমাধানৰ দিশত বাট দেখুৱাব পাৰিবনে ? এই সময়ত ড° গোঁহাইৰ দায়িত্ব হ’ব লাগিছিল চোৰাংচোৱা সংস্থাৰ প্ৰতিৱেদন সমুহৰ সত্যাসত্য কিমান তাক তথ্য আৰু যুক্তি সহকাৰে ৰাইজক ফঁহিয়াই দেখুওৱাৰ চেষ্টা কৰা । তাকে নকৰি তেওঁ যি দৰে অভিযোগ তুলিলে, তাৰ পিছত ৰাইজে তেওঁক বিশ্বাসত ল’বনে, বা তেওঁৰ সমালোচনাৰ ওপৰত আস্থা ৰাখিবনে অথবা ৰখাটো উচিত হবনে? কথাটো ৰাইজেই বিচাৰ কৰি চাওক । ড° গোঁহাইৰ বক্তব্য, কোনো ৰাজনৈতিক দলৰ নেতাৰ মুখত শোভা পাব পাৰে; কিন্তু অসমৰ এই সংকটময় পৰিস্থিতিত এই বক্তব্য ড° গোঁহাইৰ মুখত শোভা নাপায় । ২৫ নৱেম্বৰৰ অসমীয়া প্ৰতিদিনত ড° গোঁহায়ে লিখিছে “প্ৰকৃত ইছলাম ধৰ্ম আৰু তাৰ ক্ষমাশীল মানবীয় নিৰ্দেশবোৰৰ প্ৰচাৰত সহায় কৰা আৰু মুছলমানৰ বিৰুদ্ধে কু-মতলবী প্ৰচাৰত বাধা দিয়া” । এই কথাখিনিয়ে স্বাভাৱিকতে এটা প্ৰশ্নৰ উদ্ৰেক কৰে । প্ৰকৃত হিন্দুধৰ্ম বুলি বস্তু এটা নাই নেকি ? যদি আছে তেন্তে তাৰ ক্ষমাশীল মানবীয় নিৰ্দেশ কিছুমান নাই নেকি ? যদি আছে তেন্তে সেই মানবীয় নিৰ্দেশসমূহ মানুহৰ মাজত প্ৰচাৰ কৰা উচিত নহয় নেকি ? ড° গোঁহায়ে ইছলামৰ মানবীয় নিৰ্দেশসমূহ প্ৰচাৰ কৰাৰ কথা ক’লে কিন্তু হিন্দুৰ মানবীয় নিৰ্দেশসমূহ প্ৰচাৰ কৰাৰ কথা নক’লে । বৰং হিন্দুত্ববাদী মহলক সেই আহ্বান জনোৱাৰ বিপৰীতে গালি পাৰিয়েই সন্তুষ্টি লভিলে । ধৰ্মৰ ক্ষেত্ৰত ড° গোঁহাইৰ এই স্থিতিয়ে আন এটা নীতি সম্বন্ধীয় প্ৰশ্নৰো উদ্ৰেক কৰে । আমি জনাত মাৰ্ক্সবাদী চিন্তাধাৰাত, খুব সাধাৰণীকৰন কৰি ক’লে, “Religion is the opium of the people” | তেনেহ’লে ড° গোঁহায়ে কেতিয়াৰ পৰা ইছলাম ধৰ্মৰ মানবীয় আদৰ্শৰ হকে ওকালতি কৰিবলৈ ধৰিলে আৰু কিয় ? মাৰ্ক্সবাদী দৃষ্টিভংগীৰ পৰা হিন্দু বা ইছলাম বা যিকোনো ধৰ্মই opium of the people । গতিকে প্ৰশ্ন হয়, ড° গোঁহাইৰ ৰাজনৈতিক মতাদৰ্শৰ পৰিৱৰ্তন হৈছে নেকি ? ১৪ নৱেম্বৰৰ অসমীয়া প্ৰতিদিনত ড° গোঁহায়ে লিখিছে “বৰং ধৰ্মৰ দ্বাৰা পৰিচালিত হিন্দু সংস্কৃতিকে সি দেশৰ তথা ভাৰতীয় সমাজৰ বৈশিষ্ট্য বুলি গণ্য কৰে” । ইয়াত প্ৰশ্ন উত্থাপিত হয়, ড° গোঁহায়ে সংস্কৃতিক কি বুলি সংজ্ঞাবদ্ধ কৰে । সংস্কৃতিত ধৰ্মৰ প্ৰভাৱ পৰেনে ? সংস্কৃতি যদি ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হয়, তেন্তে কিমান দূৰলৈ প্ৰভাৱিত হ’লে ‘পৰিচালিত’ হোৱা বুলি কোৱা হয় ? আনহাতে ২৮ নৱেম্বৰৰ অসমীয়া প্ৰতিদিনত প্ৰকাশ পোৱা লেখাটোত বিদ্যা ভাৰতীৰ পাঠ্যক্ৰমৰ ওপৰত মন্তব্য দি ড° গোঁহায়ে লিখিছে “হিন্দু সংস্কৃতিহে, ভাৰতীয় সংস্কৃতি নহয়”। প্ৰশ্ন উদয় হয়, ‘ভাৰতীয় সংস্কৃতি’ মানে গোঁহায়ে কি বুজাইছে ? তাৰ পেৰামিটাৰসমূহ কি কি ? ‘ভাৰতীয় সংস্কৃতিক’ কিহে প্ৰতিনিধিত্ব (represent) কৰে ? হিন্দু সংস্কৃতি আৰু ‘ভাৰতীয় সংস্কৃতি’ৰ পাৰ্থক্যসমূহ কি কি ? ২৫ নৱেম্বৰৰ অসমীয়া প্ৰতিদিনত ড° গোঁহায়ে লিখিছে – “এসময়ৰ ইছলামৰ লগত বৈজ্ঞানিক চিন্তা আৰু গৱেষণাৰ গভীৰ আত্মীয়তা আছিল । ......বৰ্তমান কালৰ ভাৰতৰ মাদ্ৰাছাসমূহত বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰভাৱ নাই । সেয়ে মোৰ মতে মাদ্ৰাছসমূহত যুগোপযোগী সংস্কাৰ হ’ব লাগে “। অৰ্থাত্ , ড° গোঁহায়ে ক’ব বিচাৰিছে যে, বৰ্তমান ভাৰতৰ মাদ্ৰাছাসমূহত বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰভাৱ নাই । ইয়াৰ পৰা এটা কথা বুজি ল’ব পাৰি যে, ড° গোঁহাইৰ মতে মাদ্ৰাছসমূহত অবৈজ্ঞানিক ধৰণৰ চিন্তাৰেই প্ৰভাৱ বেছি । তেনেহ’লে প্ৰশ্ন হয়, অবৈজ্ঞানিক চিন্তাৰ পৰা মৌলবাদৰ দূৰত্ব কিমান ? মৌলবাদৰ পৰা সন্ত্ৰাসবাদৰ দূৰত্ব বেছি নহয়, সেয়া সহজে অনুমেয় । বিদ্যা ভাৰতীৰ পাঠ্যক্ৰমত যদি হিন্দুত্ববাদৰ উন্মাদনাৰ বীজ আছে, তেনেহ’লে মাদ্ৰাছা পাঠ্যক্ৰমৰ অবৈজ্ঞানিক চিন্তাত ইছলামীক মৌলবাদৰ বীজ নাই বুলি ড° গোঁহাই কিদৰে ইমান নিশ্চিত হ’ল যে তেখেতে জমিয়তৰ সভাত মৌলানা ফজলুম কৰিম কাছিমীয়ে লিখা ‘মাদ্ৰাছাত সন্ত্ৰাসবাদৰ শিক্ষা : প্ৰচাৰ আৰু বিভ্ৰান্তি’ শীৰ্ষক কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়িল ? এয়া কি ধৰণৰ ethical, moral conviction অথবা intellectual honesty ? এই প্ৰসংগতে ক’ব পাৰি, ২১ নৱেম্বৰৰ অসমীয়া প্ৰতিদিনৰ বাতৰি মতে জমিয়তৰ নেতা মাদানিয়ে সংবাদ মেলত কয় – “মাদ্ৰাছাত আধুনিকীকৰণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই । যদি আধুনিকীকৰণ কৰিব লগা হয়, তেনেহ’লে এয়া মাদ্ৰাছা কৰ্তৃপক্ষই নিজে কৰিব ।“ প্ৰশ্ন উঠে, ২৫ নৱেম্বৰৰ লেখাটোত ড° গোঁহায়ে কোৱা ‘মাদ্ৰাছাৰ পাঠ্যক্ৰমত বৈজ্ঞানিক চিন্তা-ধাৰাৰ প্ৰভাৱৰ অভাৱ’ আৰু ‘যুগোপযোগী সংস্কাৰৰ প্ৰয়োজনীয়তাৰ’ কথাটো জমিয়তৰ সভাখনত কৈছিল নে ? এজন প্ৰবীণ শিক্ষাবিদ হিচাপে মাদানিক সেই পৰামৰ্শ তেওঁ আগবঢ়াইছিলনে ? আমি বাতৰি কাকতত কিন্তু তেখেতে তেনে পৰামৰ্শ আগবঢ়োৱাৰ কথা পঢ়িবলৈ পোৱা নাই । নে জমিয়তৰ সভা কাৰণেই ড° গোঁহায়ে সেই পৰামৰ্শ সেইখন সভাতেই দিয়াৰ পৰা বিৰত থাকিলে ? বিদ্যা ভাৰতীৰ লগত চৰকাৰৰ সহযোগৰ প্ৰশ্নটোৰ ক্ষেত্ৰত, বিদ্যা ভাৰতীৰ পাঠ্যক্ৰমৰ ‘হিন্দুত্ববাদৰ’ ওপৰত ড° গোঁহাই যিমান সৰৱ, মাদ্ৰাছা পাঠ্যক্ৰমৰ আধুনীকিকৰণৰ প্ৰশ্নটোৰ মাদানিয়ে দিয়া উত্তৰত স্পষ্ট হৈ থকা ‘মাদ্ৰাছা পাঠ্যক্ৰমৰ ওপৰত মাদ্ৰাছা কৰ্তৃপক্ষৰ একক কৰ্তৃত্ব’ৰ বিষয়টোত দেখোন ড° গোঁহাই সিমানেই নীৰৱ । ড° গোঁহায়ে মাদানিৰ বক্তব্যৰ ‘একক কৰ্তৃত্ব’ৰ বিষয়টোৰ ওপৰত কিবা ক’লেনে অথবা প্ৰতিবাদ জনালেনে ? আমি হ’লে এই লেখাটো যুগুত কৰাৰ পৰলৈকে সেয়া নেদেখিলোঁ । অসমৰ মাদ্ৰাছা শিক্ষাৰ বিষয়ত কিছু চিন্তা- অসমত দুই প্ৰকাৰৰ মাদ্ৰাছা আছে । এক প্ৰকাৰৰ মাদ্ৰাছাসমুহ মাদ্ৰাছা ব’ৰ্ডৰ অধীনত থকা, য’ত ছেবাৰ পাঠ্যক্ৰম চলে আৰু চৰকাৰৰ পৰা আৰ্থিক সাহায্য আহে । আন এক প্ৰকাৰৰ মাদ্ৰাছা আছে যাক গাঁওবোৰত হাফিজীয়া মাদ্ৰাছা বুলি কোৱা হয় । এই মাদ্ৰাছাসমূহ দাৰুল উৰুল দেওবন্দৰ অধীনত চলে । ইয়াত যি পাঠ্যক্ৰম চলে তাক কোৱা হয় দৰ্চ-ই-নিজামি (Dars-e-Nizami) | Wikipediaৰ মতে- “Darul Uloom Deobands curriculum is based on a highly modified version of the 17th-century Indo-Islamic syllabus known as Dars-e-Nizami. The core curriculum teaches the Quran and its exegesis, Muhammads Hadith and its commentary, Juristic rulings with textual and rational proofs, biography of Muhammad, Arabic grammar, language and literature, and Farsi (Persian)” (source: en.wikipedia.org/wiki/Darul_Uloom_Deoband#Pattern_of_education) বিদ্যা ভাৰতীৰ পাঠ্যক্ৰমৰ ওপৰত অতি সৰৱ ড° গোঁহায়ে দেওবন্দৰ মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰমখন চাইছেনে ? দেওবন্দৰ Website ত এই পাঠ্যক্ৰমখন পাব - darululoom-deoband/english/index.php?main=regulations/index.htm দেওবন্দৰ Website ৰ System of Education পৰ্টেলটোত এইখিনি কথা আছে- Inspire of the afire-said comprehensiveness of the syllabus of Darul Uloom even as changes and alterations have taken place in the syllabi in every period as per the demands of the age, similar elimination and addition has been done, in accordance with the zeitgeist, from time to time, in the syllabus of Darul Uloom also in which, along with the religious sciences, contemporary sciences and economic necessities too, on the whole, have been paid attention to endeavoring to make it more and more useful. (ibid) ( সম্পাদকৰ প্ৰতি- ওপৰোক্ত কথাখিনি ৱেবচাইটত যিদৰে আছে তেনেদৰেই তুলি দিয়া হৈছে । ভুল হৈ থকা বানান কেইটা শুধৰাই দিয়া হোৱা নাই ) ইয়াত কি Science ৰ কথা কোৱা হৈছে চাওঁ আহক- Between the fifth and the seventh century Hijri the science of Dialectics or Scholastic Theology was established through Imam Ghazali and for the support of which, besides the afore-said sciences, poetic sciences like Logic, Philosophy, etc. also became a necessary ingredient in the curriculum of the Islamic schools and universities. Though these sciences were current, more or less, in all the Islamic lands, nevertheless the impact of national, local and ethnic peculiarities was inevitable in different countries. (ibid) বিভিন্ন ৰাষ্ট্ৰৰ কথা উল্লেখ কৰাৰ পিছতো, ওপৰোক্ত কথাখিনিত থকা “in all the Islamic land” ধাৰণাটোৰ ওপৰত ড° গোঁহায়ে কি মতামত দিয়ে ? এই ‘Islamic land’ ৰ ধাৰণাটোৰ পৰা ‘বৃহত্তৰ ইছলামিক ৰাষ্ট্ৰ’ৰ ধাৰণাটো কিমান দূৰত ? যি ধাৰণাটোৱে আচলতে সম্প্ৰসাৰণবাদী ইছলামিক সন্ত্ৰাসবাদী সকলৰ আদৰ্শগত ভেঁটি । এই a Concept of Religiopolitical coherence এ Political identity এটা দাবী কৰিবলৈ কিমান পৰ লাগে ? এই Identity creation ৰ trajectory টো কেনেকুৱা হয় ? মধ্যপ্ৰাচ্যৰ ইছলামীক সন্ত্ৰাসবাদীসকলৰ উত্থানৰ গতিপথটো দেখোন এনে ধৰণৰ conceptualization এটাৰ পৰাই অহা । আকৌ দেওবন্দৰ পাঠ্যক্ৰমৰ বিষয়টোলৈ ঘূৰি যাওঁ । দেওবন্দৰ পাঠ্যক্ৰমত আধুনিক বিজ্ঞান অন্তৰ্ভুক্ত নকৰা বিষয়ত দেওবন্দৰ ফালৰ পৰা কি যুক্তি দিয়া হৈছে চাওঁ আহক- Hazrat Maulana Nanautawi, in his speech delivered in a function of prize-distribution held in 1290/1873, had encouraged such students in the following words: If the students of this Madrasa join government schools to acquire the modern sciences, this acquirement would more shore up their accomplishment. Replying to the objection of certain people as to why modern sciences were not included in the syllabus of Darul Uloom, he said: If this thought is a stumbling block that there is no arrangement here at all for the profane sciences, its answer firstly is that there ought to be treatment of the disease. To take medicine for a disease, which is not there, is futile. The crack in the wall should be filled up; it is necessary to fill the kiln. What is it but silliness to be anxious about the brick that has not yet fallen down? What are the government schools for? If the profane sciences are not taught there; what else is done there? Had these schools been less in number than what are required, then it would not have mattered. But it is common knowledge that through the governments attention, towns and cities apart, schools have been opened even in villages. To make arrangement for the schools of secular sciences in their presence and be negligent towards the religious sciences is not the work of the longsighted wisdom. Now we also point out this thing so that it may be known why in respect of acquirement (of knowledge) this special method was proposed and why the modern subjects were not included. The main reason, inter A’alia, for this is that whether training be special or general that aspect should be borne in mind from which crack may have developed in their accomplishment. Accordingly, it is manifest upon men of intelligence that nowadays education in modern subjects is making rapid progress due to the outnumbering government-run-schools. Indeed the old sciences must never have declined so much as they did now. Under such circumstances the- people looked upon the founding of schools for modern sciences as an exercise in futility. Hence, it was considered necessary to spend money for the traditional sciences, as also for those disciplines which certainly develop ability for the conventional (religious) as well as the modern sciences. Secondly, the acquisition of numerous sciences at one and the same time proves detrimental to ability in respect of all the sciences. Of course, after acquiring the knowledge of intelligence-developing subjects, which have been prescribed especially for the acquisition of ability, if the old and new arts (subjects) too are acquired, the span of time required for their acquirement will, of course, remain equal. The objective will be achieved well enough through its antecedence and subsequence, as the ability of each science and hence the reason-developing sciences were introduced, along with the traditional sciences, in the curriculum. Hereafter, if the students of this Madrasa, joining government schools, acquire knowledge of the modern subjects, this thing would more shore up their accomplishment. (ibid) পাঠ্যক্ৰমৰ চতুৰ্থ শিক্ষা-বৰ্ষত Modern Sciences বুলি যিকেইটা বিষয়ৰ শিক্ষা দিয়া হয় সেইকেইটা হল - Sciences of Madaniyyat, Geography of the Arab Peninsula and other Islamic countries (ibid) এই বিজ্ঞান শিক্ষাৰ ওপৰত ড° গোঁহাইৰ একো কব লগা নাইনে ? বিদ্যা ভাৰতীৰ ইতিহাস শিক্ষাৰ ওপৰত সৰৱ হোৱা ড° গোঁহায়ে দেওবন্দৰ পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষত History ৰ নামত যি কেইটা বিষয় পঢ়োৱা হয়, সেইকেইটা কি কি চাইছেনে ? এই বিষয়কেইটা হল - Khilafat-e-Bani Umayya, Abbasiya, Turkiya (By: zamullah Shahabi) দেওবন্দৰ নিয়মাৱলীত উল্লেখ আছে- The portal of Darul Uloom Deoband is open for every student who wants to acquire knowledge of the religious sciences, provided he agrees with the objectives and the educational ideal of Darul Uloom Deoband and applies for admission with the firm resolve of abiding by the rules and regulations of Darul Uloom Deoband and provided his lifestyle be in consonance with the Islamic values. With these conditions he can be admitted to that class for which he may have ability and capacity. Admission rules- General rules-Candidates not having proper appearance like having improper haircut, trimming beard, letting trouser below ankle or doing anything against the traditions of Darul Uloom Deoband, would neither be given permission to sit in the exam hall nor will any consideration be given. Any student found guilty of cutting beard will be liable to be expelled. এই পাঠ্যক্ৰমখনৰ যুগোপযোগী সংস্কাৰৰ সন্দৰ্ভত, নিয়মাৱলীৰ সন্দৰ্ভত ড° গোঁহাইৰ একো ক’ব লগা নাইনে ? এই সংস্কাৰৰ বাবে দেওবন্দক উপদেশ দিবলৈ তেখেতৰ নৈতিক সাহস হবনে ? বুদ্ধিজীৱীসকলৰ কৰ্তব্য হয় জাতি, ধৰ্ম নিৰ্বিশেষে সমাজৰ বেয়াখিনি, বেয়াৰ সম্ভাৱনাখিনি চালি-জাৰি চাই ৰাইজৰ আগত দ্ব্যৰ্থহীন ভাষাত দাঙি ধৰা । এইক্ষেত্ৰত ড° গোঁহাইৰ একপক্ষীয় চিন্তাৰ ৰাজনীতিখিনি বুজি নেপালোঁ । বিদ্যা ভাৰতীৰ বিদ্যালয় সমূহৰ বিস্তাৰৰ বিষয়ে ড° গোঁহায়ে লিখিছে । কিন্তু দেওবন্দৰ ইনষ্টিটিউছন সমূহৰ বিস্তাৰৰ বিষয়ে তেখেতে একো নকলে । Wikipedia ৰ মতে- Many Islamic schools in India, Bangladesh and Pakistan—and more recently in Afghanistan, the United Kingdom, the United States, South Africa and other parts of the world— are affiliated with or theologically linked to Darul Uloom Deoband. Seminaries have been established by its graduates such Darul Uloom Sabeelus Salam in Hyderabad, India, Madrasah Inamiyyah Camperdown, near Durban in South Africa, and three seminaries in Pakistan, viz. Darul Uloom Karachi, Jamiah Ashrafiyah Lahore, and Jamiah Ziyaul-Quran (Al-Maruf Bagh-Wali Masjid), Faisalabad. (source: en.wikipedia.org/wiki/Darul_Uloom_Deoband#Pattern_of_education ) ২৮ নৱেম্বৰৰ অসমীয়া প্ৰতিদিনৰ লেখা এটাত ড° গোঁহায়ে প্ৰৱন্ধ এটাৰ কথা উল্লেখ কৰিছিল এই বুলি South Asian Peoples Web, 21 April,2009 | প্ৰৱন্ধটোৰ নাম,লেখকৰ নাম আৰু Source ড° গোঁহায়ে উল্লেখ কৰা নাই । এয়া কেনে ধৰণৰ বৌদ্ধিক সততা আমি বুজি নেপালোঁ । যাহওঁক , আমি ইন্টাৰনেটত ড° গোঁহায়ে উল্লেখ কৰা ধৰণে Search কৰি চোৱাত এটা প্ৰৱন্ধ বিচাৰি পালোঁ । India: R.S.S schools and the Hindu Nationalist Education Project by Akshay Bakaya, 21 April 2009 (sacw.net/index.php?page=imprimir_articulo&id_article=852#nb1) প্ৰৱন্ধটো পাই পঢ়ি চালোঁ । যদি এইটোৱেই ড° গোঁহায়ে উল্লেখ কৰা প্ৰৱন্ধটো হয় তেনেহলে আমি কওঁ, প্ৰৱন্ধটো এক মতাদৰ্শী চিন্তাৰ পৰা ওলোৱা । নিৰপেক্ষ Judgement ৰ কোনো চিন আমাৰ চকুত নপৰিল । প্ৰৱন্ধটোত ব্যৱহাৰ কৰা ভাষাত যি অসহিষ্ণুতা আৰু Intellectual Preoccupation ৰ সুৰ আৰম্ভণীৰে পৰা আছে সেয়া সাধাৰণ পাঠকৰো চকুত পৰিব । বৰ্তমানৰ সমস্যাৰ গভীৰতালৈ চাই এনে ধৰণৰ প্ৰৱন্ধৰ বক্তব্যই সমস্যা সমাধানৰ দিশত কিমান সহায় কৰিব, তাক ভাৱি চোৱাৰ অৱকাশ আছে । মধ্য এচিয়াৰ ইছলামিক মৌলবাদত পুঁজিবাদী ৰাষ্ট্ৰৰ কি ভূমিকা আছে, সেই বিষয়ে ড° গোঁহায়ে লিখিছে । কিন্তু প্ৰশ্ন হল, অসমতো সেই একেটা mechanism তে মৌলবাদ বিয়পিছে বুলি থিয়ৰিটিকেলী কৈ থকাৰ সলনি, বিশেষত সেই থিয়ৰীয়ে যেতিয়া আজি দুই দশক পিছতো অসমৰ ক্ষেত্ৰত বিদেশী সমস্যা আৰু মৌলবাদৰ সমস্যাৰ কোনো সমাধান আগবঢ়াব নোৱাৰিলে, তেনেক্ষেত্ৰত এটা অল্টাৰ্নেটিভ হাইপথেচিচ গ্ৰহণ কৰি সমস্যাটোৰ আৰু অধিক মূললৈ যোৱাৰ চেষ্টা এটা তেখেতে কিয় নকৰে ? এই ক্ষেত্ৰত বাধাৰ কাৰকটো কি? থিয়ৰীৰ প্ৰতি তেওঁৰ Intellectual subordination নে সদিচ্ছাৰ অভাৱ ? বৰ্তমান সময়ত নিৰপেক্ষভাৱে কথাবোৰ আলোচনা নকৰি, ড° গোঁহায়ে ইছলামিক মৌলবাদৰ ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ কৰি হিন্দুত্ববাদৰ ওপৰত যি গৰল উগাৰিছে, সি আমাৰ সমাজখনত ধৰ্মীয় মেৰুবিভাজন খৰতকীয়াহে কৰিব । নিজৰ বক্তব্যৰ প্ৰভাৱত হ’ব পৰা consequence সমূহৰ নৈতিক দায়িত্ব তেখেতে লৈ আহিছেনে বা আজিও লয়নে ? ড° গোঁহায়ে যি নীতিৰ ভিত্তিত যোৱা ১৪ নৱেম্বৰৰ পৰা এই লেখা যুগুত কৰা সময়লৈকে অসমীয়া প্ৰতিদিনত হিন্দুত্ববাদ-মৌলবাদ-জেহাদ প্ৰসংগত লিখিছে, সেই নীতিৰ বিষয়ে এইদৰেই কব পাৰি - That is a very characteristic method which consist in thinking with the object of refuting, the solution being already given before research. And by what, then, this solution be given? By the party, as it is given for the Catholic by the Church. For the theory of knowledge,exactly in the same way as political economy, is in our contemporary society, a party science. - Simone Weil, Oppression and Liberty, p 29 প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুলৰ পৰ্যায়লৈকে আমি সংখ্যাগৰিষ্ঠ মুছলমান বন্ধু-বান্ধবীৰ সৈতে একেলগে বহিয়েই অধ্যয়ন কৰি আহিছো । এইলোকসকলৰ মাজত আমাৰ আত্মীয়-স্বৰূপ ভাতৃ, অভিভাৱক সম লোকো আছে । তেওঁলোকৰ লগত দৈনন্দিন জীৱনৰ আদান-প্ৰদান, সাংস্কৃতিক আদান-প্ৰদানৰ যোগেদি আমাৰ এক বুজা-পৰা তথা আত্মীক সম্বন্ধও গঢ়ি উঠিছে । এই স্থানীয় অধিবাসীসকলৰ ভিতৰত অধিকাংশই খাটি খোৱা লোক । ৰাজনীতিৰ কুটিল আওঁভাওঁ তেওঁলোকে বিশেষ বুজি নাপায় আৰু জীৱন যাপনৰ সংগ্ৰামত ব্যস্ত হৈ থকাৰ মাজত তেওঁলোকে আমাৰ সমাজলৈ আহি থকা গম্ভীৰ সমস্যাবোৰ বুজাৰ অৱকাশো বহুত সময়ত নাপায় । ধৰ্ম বহু ক্ষেত্ৰত তেওঁলোকৰ সাংগঠনিক, সাংস্কৃতিক একতাৰ ক্ষেত্ৰ । সেইক্ষেত্ৰত যান্ত্ৰিকভাৱে বাওঁপন্থী চিন্তাৰ প্ৰয়োগ তেওঁলোকক ধৰ্মমুক্ত হবলৈ অথবা ধৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ আহ্বান জনোৱাটো হ’ব, তেওঁলোকৰ হৃদস্পন্দন অনুভৱ কৰিব নোৱাৰাৰ দৰে কথা । ধৰ্মৰ ক্ষেত্ৰত যদি সংস্কাৰ আনিব লাগে, তেন্তে সেই সংস্কাৰ হ’ব লাগিব Internalized- তেওঁলোকে নিজৰ মাজৰ পৰাই সেই সংস্কাৰ কাৰ্য আৰম্ভ কৰিব লাগিব । তাৰ কাৰণে লাগিব উন্নত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ব্যৱস্থা । বাহিৰৰ পৰা দিয়া আহ্বান, অভিযোগ, ধমকনিয়ে এইক্ষেত্ৰত একো ফল দিব নোৱাৰে । এনে এক সংকটপূৰ্ণ পৰিস্থিতিত, সমাজলৈ আহি থকা বিপদবোৰৰ বিষয়ে সকলো শ্ৰেণীৰ ৰাইজক সজাগ কৰি তোলাটো আমাৰ সমাজৰ বুদ্ধিজীৱি, চিন্তাবিদসকল, সচেতনমহল তথা জনসংযোগ মাধ্যম সমুহৰ কৰ্তব্য । সমস্যাক সমস্যা বুলি স্বীকাৰ কৰি তাৰ সমাধানৰ দিশত চিন্তা চৰ্চা কৰাটোহে সাহসিকতা আৰু দূৰদৰ্শিতাৰ পৰিচায়্ক । (ক্ৰমশ:)
Posted on: Sat, 06 Dec 2014 06:48:02 +0000

Trending Topics



Recently Viewed Topics




© 2015