এটা নতুন ষ্টাইলত চিকেন - TopicsExpress



          

এটা নতুন ষ্টাইলত চিকেন বনালো । মাত্ৰ দহমিনিট । চিকেন এপোৱা ললো । এটা পিয়াজ চাৰি ডোখৰ কৰিলো । কেচাঁজলকীয়া চাৰিটা এটা নহৰু এখুদ আদা খুন্দিলো । জিৰা ধনীয়া গুৰা দি গোটেইবোৰ মিশ্ৰণ কৰিলো । প্ৰেছাৰ কুকাৰত অকণমান তেল দি হালধি গুৰা দি লৰাই মিশ্ৰণটো বঢ়াই দি লৰাই দিলো । তাৰ পিছত এবাতি পানী আৰু জালুকৰ গুৰা দি তিনটা হুইছেল দিলো । ঢাকন আতৰাই পানীকন শুকাবলৈ দি ধনীয়াপাত পেলাই দিলো । দহমিনিটত মাংস ৰেডি । জ্বৰ চর্দি গতিকে কাবলি বুট বিহজলকীয়া ৰ সৈতে চানা আৰু মাংসৰে অল্ডমংক ৰাম নাম । কালি দেবুদাৰ ঘৰত নিজেই হাঁহ কিনি হাহঁ আৰু ওলকবি বনালো । চার্টিফিকেট পালো । এইবাৰ মোৰ বাসগৃহত নিজে হাহঁ কুটি বাচি বনাম । যোগাযোগ কৰিব ।
Posted on: Mon, 02 Dec 2013 16:23:40 +0000

Trending Topics



Recently Viewed Topics




© 2015