নকব কুইজ (৪০) ------ ইংৰাজী Chat - TopicsExpress



          

নকব কুইজ (৪০) ------ ইংৰাজী Chat শব্দৰ প্ৰতিশব্দৰূপে অসমীয়াত সাধাৰণতে আড্ডা শব্দটো ব্য‌ৱহাৰ কৰা হৈছিল, যাৰ অৰ্থ হল: কোনো গুৰুত্ব নোহোৱাকৈ/নিদিয়াকৈ কথা পতা কাৰ্য। তথ্য-প্ৰযুক্তিখণ্ডত আন্তঃজাল বা ইণ্টাৰনেট ব্য‌ৱস্থা আবিস্কাৰ হো‌ৱাৰ পিছৰ পৰা Chat নামৰ শব্দটোৰ জনপ্ৰিয়তা বেয়াকৈ বাঢ়ি আহিবলৈ ধৰিলে। Yahoo, Google, Rediff আদি প্ৰতিষ্ঠানে ইণ্টাৰনেটৰ যোগেদি পৃথি‌ৱীৰ বিভিন্ন স্থানত অসংখ্য আড্ডাবাজৰ সৃষ্টি কৰি আড্ডা বা Chatৰ বিষয়ে মানুহৰ মনোভাবেই সলনি কৰি দিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত পৃথি‌ৱীৰ বিভিন্ন কোণত বসবাস কৰা অসংখ্য লোকৰ ক্ষেত্ৰত Chat কৰাৰ বাবে facebook নামৰ সামাজিক যোগসূত্ৰৰ মঞ্চটোৰ ব্য‌ৱহাৰ অতি জনপ্ৰিয় হৈ পৰিছে। ২০০৯ চনতেই facebookৰ Chat ব্য‌ৱস্থাৰ জৰিয়তে দৈনিক আদান-প্ৰদান হো‌ৱা বাৰ্তাৰ সংখ্যাই ১ বিলিয়নৰ সীমা অতিক্ৰম কৰিছিল। বৰ্তমানে ইয়াৰ সংখ্যা কেইবা শ বিলিয়নলৈ বৃদ্ধি পাইছে। আড্ডা দি থকা অ‌ৱস্থাত খাদ্যগ্ৰহণ কৰিলে তেনে খাদ্যবস্তু নাকত সোমাই গ্ৰহণকাৰীক চৰ্চৰনি খু‌ৱাই বিপদত পেলাব পাৰে বুলি ভবা যায় যদিও খো‌ৱাৰ মজিয়াত আড্ডা দিয়াৰ এক সুকীয়া মাদকতা আছে। পিছে, এই Chat শব্দটো কেতিয়াৰ পৰা খো‌ৱা-বো‌ৱাৰ জগৎখনৰ লগত জড়িত হৈ পৰিল, তাক সঠিককৈ জনা নাযায়। ঈদ, দুৰ্গা পূজা আৰু মহাপুৰুষজনাৰ জন্মদি‌ৱস উদযাপনেৰে মুখৰিত উৎস‌ৱমুখৰ পৰিবেশৰ মাজত নিৰামিষ আহাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন ভাৰতৰ প্ৰয়োজনীয়তা বিষয়ক আড্ডাই facebookৰ অকব গোটৰ সদস্যসকলৰ ৰক্তচাপ উৰ্ধগামী কৰি তোলাৰ সময়তে গোটৰসদস্যসকলৰ স্বাস্থ্যৰক্ষাৰ নিমিত্তে নকবলগীয়া কথাৰে আগবঢ়ো‌ৱা হৈছে নকব কুইজৰ চত্বাৰিংশত্তম প্ৰশ্ন। আজিৰ প্ৰশ্ন: (?)ছবি চাই উত্তৰ দিয়ক: ১/ এটা Gmail JALEBI ত কিমানটা পাক থাকে? ২/ একাঁহি Whats app CHOW কিমান বছৰলৈকে বিনামূলীয়াকৈ ব্য‌ৱহাৰ কৰিব পাৰি? ৩/ এটা RAGDA PAW ৰ পৰা কিমানটা PAW BHAJI তৈয়াৰ কৰিব পাৰি?
Posted on: Mon, 06 Oct 2014 18:30:34 +0000

Trending Topics



Recently Viewed Topics




© 2015