কৃষ্ণ জুকাৰবাৰ্গ ! ... চাহ - TopicsExpress



          

কৃষ্ণ জুকাৰবাৰ্গ ! ... চাহ খাওঁ বুলি হোটেল এখনত গৈ বহিলোঁ। মোৰ কাষৰ টেবুলখনত দুজন বয়সীয়া মানুহে কথা পাতি আছে। স্বাভাৱিকভাৱে তেওঁলোকে পাতি থকা কথাৰ টুকুৰা অংশ ওফৰি আহি মোৰ কাণতো পৰিলহি । তেহে টঙ কৰিলোঁ তেখেতলোকে ফেচবুকৰ কথা পাতি আছে। - আপোনাক ৰাতি বহু দেৰিলৈকে অনলাইনত পাওঁ । গৃহিনীয়ে গালি নিদিয়ে নে ? -নিদিয়ে। তেওঁকো মই স্মাৰ্টফোন এটা কিনি দিছোঁ। তেওঁৱো অনলাইন হৈ থাকে। - মোৰজনীহে বৰ কিবা হে ! দামী ফোন এটা কিনি দিয়াৰ পিছতো অলপো চেঞ্জ নহ’ল । খাই বৈ অকনমান এন্টাৰটেইন কৰোঁ বুলি মোবাইলটো হাতত তুলি লওঁহে তেওঁৰ আকৌ ভো-ভোৰণি আৰম্ভ হৈ যায়। - মই পিছে আপোনাৰ মিচেচক দিনত প্ৰায়ে অনলাইনত পাওঁ ! - আপোনাৰ অফিচটোত কাম কম । আপুনি দিনত সময় পায়। মই আকৌ অফিচ আৱাৰত নেট খুলিবলৈ সময়ে নাপাওঁ। - হেৰি, এটা কথা লক্ষ্য কৰিছে নে? - কি ? - ফেচবুকটো যদি ২০ বছৰ মান আগতে ওলাল হেতেন, কিমান ভাল হ’লহেতেন ! - বহুত ভাল হ’লহেতেন ! ( দুয়োজনৰ মুখ-মণ্ডলত এইবাৰ মনালিছাৰ হাঁহিটোৰ দৰে একোটা মনোৰম হাঁহি ) তেখেতলোকৰ কথা শুনি মনতে শ্ৰীৰাম বুলিলোঁ। হয়, ফেচবুকে অনেক ভাল কাম কৰিছে। মই নিজ চকুৰে দেখা কথা। যি মানুহে এসময়ত কম্পিউতাৰটো খুলিব নাজানিছিল, তেওঁলোক এতিয়া একোজন ফেচবুক expert ! যি মানুহৰ ই-মেইল আইডি নাছিল, তেওঁলোকৰ সম্প্ৰতি দুটাকৈ মেইল আইডি ! মোৰ ধাৰণা ফেচবুক নহাহেতেন, বহু মানুহে কম্পিউতাৰ চলাবলৈ নিশিকিলে হেতেন । আনকি বয়সীয়াসকলকো কম্পিউতাৰ-ফ্ৰেণ্ডলি কৰাত ফেচবুকৰ এই অনুপ্ৰেৰণাক অস্বীকাৰ কৰিব পৰা নাযায় । আৰু এই জুকাৰবাৰ্গ মানুহজন , তেওঁ বাৰু কম কৃষ্ণ নে ? পৃথিৱীখনক হাতৰ মুঠিলৈ আনি তেওঁ যি চমৎকাৰিত্বৰ পৰিচয় ডাঙি ধৰিছে, তাৰ কোনো তুলনা নাই । নিজক ধুনীয়াকৈ পৰিবেশন কৰিবলৈ আমাক status option দিছে। কোনোবাই যদি সেই status নাচাওঁ বুলি আছে, তেওঁকো চোৱাবলৈ tag option দিছে। আনৰ ৱালত থকা ভাল কথাবোৰ অন্য কাৰোবাক দেখুৱাবলৈ আমাক share option দিছে। আৰু ফুচফুচীয়া কথা পাতিবলৈ আমাক inbox দিছে ! ( বহুতে আকৌ ফুচফুচীয়া কথাক privacy বুলিও অভিহিত কৰে ! ) ইমানবোৰ অৱদানৰ পিছত জুকাৰবাৰ্গক কৃষ্ণ বোলাত জানো কাৰোবাৰ আপত্তি আছে ? কৃষ্ণ Mark Elliot Zuckerberg ! ...
Posted on: Mon, 18 Aug 2014 06:40:37 +0000

Trending Topics



Recently Viewed Topics




© 2015